পুনৰ আৰক্ষীৰ জালত পৰিছে ভুৱা চিকিৎসক ৷ গুৱাহাটীৰ ফটাশিল আৰক্ষীৰ জালত পৰিছে এই ভুৱা চিকিৎসক৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকিৎসকজন হৈছে পৰমেশ চক্ৰৱর্তী ৷
গুৱাহাটীৰ জ্যোতিকুছিৰ পৰা পৰমেশ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বিগত ১০ বছৰে ভুৱা চেম্বাৰ খুলি তেওঁ প্ৰৱঞ্চনা কৰিছিল বহু ৰোগীক৷ লখৰা ৰোডৰ জ্যোতিকছি তিনিআলিত ‘চাৰুলক্ষ্মী আয়ুষ’ নামৰ ফার্মাচী তথা চেম্বাৰ খুলি ৰোগী চোৱা চিতা কৰিছিল ৷ শেহতীয়াকৈ চিকিৎসকজনৰ কাম-কাজত সন্দেহ প্ৰকাশ ঘটাত একাংশ লোকে আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে ভুৱা চিকিৎসকৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ে কেতবোৰ নির্দেশনা দিছিল যদিও ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷