গুৱাহাটীস্হ এছটিএফ-ৰ ডিআইজি শ্ৰী পাৰ্থসাৰথি মহন্ত, আইপিএছ-ৰ এক বিশেষ সূত্ৰৰ পম খেদি ৫ জুলাইৰ সন্ধিয়া ৭ মান বজাত এছটিএফ-ৰ এটি অভিযানকাৰী দলে গুৱাহাটীৰ আইএছবিটিৰ ওচৰৰ পৰা মঃ ছাহানুৰ ইছলাম নামৰ এজন জালিনোটৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত ব্যক্তিক তেওঁ ব্যৱহাৰ কৰা এ এছ ০১ ই কে ৫৬৪৪ (AS 01 EK 5644) নম্বৰৰ মাৰুতি ব্ৰিজা গাড়ীসহ আতক কৰে। উক্ত মঃ ছাহানুৰ ইছলামক সুধাপোচা কৰাৰ অন্তত ব্যক্তিজনক লগত লৈ এছটিএফ-ৰ অভিযানকাৰী দলটোৱে গুৱাহাটীৰ আহোমগাওঁ স্হিত ব্যক্তিজনে সপৰিয়ালে বাস কৰা ঘৰটোত তালাচী চলাই পাঁচশটকীয়া জালিনোটৰ এটা প্ৰকাণ্ড বান্দিল, ফটোষ্টেট কৰা পাঁচশটকীয়া নোট, পাঁচশটকীয়া নোটৰ চাইজৰ বগা কাগজৰ দম, পিষ্টলৰ আকৃতি আৰু অৱয়বৰ এটা লাইটাৰ, ৮ খন ভাৰতীয় পাচশটকীয়া আচল নোট আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। তদন্তত পোৱা যায় যে আতকাধীন মঃ ছাহনুৰ ইছলামে বহুদিন ধৰি জালনোটৰ অবৈধ ব্যৱসায়ত জড়িত আছে আৰু আচল নোট জমা দিয়াৰ পৰিমাণৰ দুগুন নকল নোট দিবলৈ গ্ৰাহকক প্ৰলোভিত কৰি মাতি আনি লুটপাত চলাই আচল নোটবোৰ ৰাখি থোৱাৰ কৌশল অৱলম্বন কৰি আহিছে। ব্যক্তিজন এগৰাকী প্ৰৱঞ্চক আৰু তেওঁৰ লগত এই প্ৰৱঞ্চনাৰ অপৰাধ জনিত কামবোৰত অসমৰ বিভিন্ন ঠাইৰ আন কেইবাগৰাকীও ব্যক্তি জড়িত হৈ আছে বুলি জানিব পৰা গৈছে। এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ 120(B)/489(A)/489(C)/489(D) ধাৰাৰ অধীনত এছটিএফ থানাত 05/2023 নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে।