শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হবলৈও একাংশই লৈছে বক্র পথ। ভুৱা টেটৰ প্ৰমাণপত্ৰৰে শিক্ষকৰ চাকৰি লৈ এইবাৰ ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল ২১ জন শিক্ষক। চি আই ডি ৰ তদন্তত এই অনিয়ম পোহৰলৈ অহাৰ পাছত এই শিক্ষক সকলক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা শিক্ষক সকলৰ ৯ জনক কালি কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে আটাইকেউজন শিক্ষকক তিনি দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে বি টি আৰত ৫২জন শিক্ষকৰ বিৰুদ্ধে অভিযোগ লাভ কৰা পাছত শিক্ষা বিভাগে অনুসন্থান আৰম্ভ কৰে ।এই অনুসন্ধানত ৩৬ জন শিক্ষকৰ বিৰুদ্ধে জালিয়াতিৰ তথ্য পোহৰলৈ আহে। লগে লগে চি আই ডিয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত ১০/২০২১নম্বৰৰ গোচৰ ৰুজু কৰে। চি আই ডি ৰ উপ মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে কয় যে এই প্ৰাৰ্থীসকলে টেট উত্তীৰ্ণৰ ভুৱা প্ৰমানপত্ৰ দাখিল কৰিছে। ইতিমধ্যে ছেবাই পৰীক্ষা কৰি প্ৰমাণপত্ৰসমূহ ভুৱা বুলি প্ৰমাণ হৈছে। যাৰ ভিত্তিত এই শিক্ষক সকলক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা শিক্ষক সকলৰ ভিতৰত ১০জন তামূলপুৰৰ,৬জন হাজোৰ,১জন ছয়গাঁওৰ,২জন মটীয়াৰ আৰু চিৰাঙৰ এজন শিক্ষক আছে। চি আই ডিয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট। শীঘ্ৰে ভুৱা প্ৰমাণপত্ৰেৰে চাকৰি লোৱা আন শিক্ষক সকলো চি আই ডিৰ জালত পৰা সম্ভাৱনা আছে।