এক বর্ণিল ৰাজনৈতিক পৰিক্ৰমাৰে আহি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা ডঃ হিমন্ত বিশ্ব শর্মাৰ আজি ৫৩ সংখ্যক জন্মদিন ৷ ১৯৬৯ চনৰ আজিৰ দিনটোতে জন্মগ্রহণ কৰিছিল ডঃ শর্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীৰ ওপজা দিন উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বিভিন্ন কার্যসুচী ৷ মালিগাৱঁত তেওঁৰ সমর্থকসকলে তিনিদিনীয়াকৈ আয়োজন কৰিছে জন্মদিনৰ বিভিন্ন কার্যসুচী ৷ মাজনিশাৰে পৰা তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত ওপজা দিনৰ ওলগ জনাবলৈ ভিৰ কৰে অসংখ্য গুণমুগ্ধ আৰু অনুৰাগীয়ে ৷ নিশাই পৰিয়ালৰ উপৰি অনুৰাগীয়ে অনা কেক কাটি চৰকাৰী বাসভৱনত ডঃ শর্মাই জন্মদিন উদযাপন কৰে ৷ বিভিন্ন জনে গামোচা পিন্ধাই আৰু ফুলৰ থোপাৰে তেওঁক সম্বর্ধণা জ্ঞাপন কৰে ৷ ইপিনে আজি ওপজা দিনটোতে কেইবাটাও কার্যসুচীত ভাগ ল’ব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত আশীষ ল’ব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তদুপৰি গুৱাহাটীৰ জু-ৰোডত নতুনকৈ নির্মান কৰিবলগীয়া উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিয়লি শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত মুকলি কৰিব ৰাজ্য চৰকাৰৰ অভিলাষী প্ৰকল্প সদ্ভাৱনা ৷ তদুপৰি সন্ধিয়া জনতা ভৱনত মুকলি কৰিব অইলৰ এখন গ্ৰন্থ ৷ আনহাতে মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে মাজুলীৰ পৰা গুৱাহাটীলৈ আহিছে তেওঁৰ ৪৭ জন মৰমৰ ভাগিন ৷ আউনীআটি সত্ৰৰ পৰা অহা ৪৭ জন ভাগিনৰ সৈতে নৈশভোজ গ্ৰহন কৰিব মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখ্য যে ৰাজ্যৰ ১৫ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ডঃ শর্মাই ২০১৫ চনৰ ২৩ আগষ্টত বিজেপিত যোগদান কৰে ৷ ইয়াৰ পূর্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীত কার্যনিবাহ কৰিছিল ৷ প্ৰথমবাৰৰ বাবে ২০০১ চনত তেওঁ জালুকবাৰী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পূর্বে তেওঁ বিত্ত, শিক্ষা, স্বাস্থ্যকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিভাগৰ মন্ত্ৰী হিচাপেও তেওঁ কার্যনিবাহ কৰিছিল ৷ তদুপৰি তেওঁ নেডাৰ আহ্বায়ক ৷ শৰ্মাৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ গান্ধী বস্তিত।
শৰ্মাই ১৯৮৫ চনত গুৱাহাটীৰ কামৰূপ একাডেমী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু স্নাতক শিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজত নামভর্ত্তি কৰে ৷ ১৯৯১ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। ২০০১ চনত অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি শৰ্মা প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। ২০২১ চনৰ ১০ মে’ত শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।