প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বিতর্কিত তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা বছৰজোৰা কৃষক আন্দোলন সন্নিৱিষ্ট হ’ব পাঠ্যক্ৰমত ৷ পাঞ্জাৱৰ বিদ্যালয়ৰ পাঠ্য়ক্ৰমত সন্নিৱিষ্ট কৰা হৈছে কৃষক আন্দোলনৰ ইতিহাস ৷ ষষ্ঠ শ্ৰেণীৰ পাঞ্জাৱী পাঠ্যপুথিত ‘কিষাণ আন্দোলন’ নামৰ অধ্যায়ৰ জৰিয়তে বর্ণনা কৰা হৈছে এই আন্দোলনৰ কথা ৷ পাঁচ পৃষ্ঠাৰ এই অধ্যায়টো গ্লোবেল লাৰ্ণিং ছলিউশ্বনৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথি ‘মোহ দিয়ান তাণ্ডন’ৰ এটা অংশ ৷ লুধিয়ানাৰ ব্ৰিটানিকা আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ড০ জগজিৎ সিং ধুৰীয়ে লিখিছে এই অধ্যায়।
পঞ্জাৱৰ ফেডাৰেচন অৱ প্ৰাইভেট স্কুলএণ্ড এছ’চিয়েশ্যনৰ ৰাজ্যিক সভাপতি ধুৰীয়ে কয়, “অধ্যায়টোত ইতিহাস সৃষ্টি কৰা কৃষকসকলৰ প্ৰতিবাদৰ বিষয়ে বিৱৰণ দিয়া হৈছে।সমৰ্পণ, সংকল্প, সত্যতা, অধিকাৰ, ঐক্যৰ বাবে মাত মাতিবলৈ শিক্ষাৰ্থীসকল আৰু আমাৰ উদীয়মান প্ৰজন্মক অনুপ্ৰাণিত কৰিব ৷”
তেওঁ লগতে কয় যে অধ্যায়টোৱে শিক্ষাৰ্থীসকলক দশম শিখ গুৰু গোবিন্দ সিঙৰ দৰ্শনৰ বিষয়েও শিকাব। “গুৰু গোবিন্দ সিঙজীয়ে জাফৰনামাহত শিকাইছে যে অন্যায়ৰ বিৰুদ্ধে মাত মতাতো ন্যায়সঙ্গত ৷ যদি আপুনি শুদ্ধ, তেনেহ’লে আপোনাৰ জয় নিশ্চিত ৷”-এইদৰে কয় ধুৰীয়ে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি কমেও এশখন বিদ্যালয়ে ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ বাবে পাঠ্যপুথি নিৰ্ধাৰণ কৰিছে ৷ ব্ৰিটেইন আৰু কানাডাৰ পৰাও অৰ্ডাৰ লাভ কৰা হৈছে।ধুৰীয়ে এইবুলিও কয় “মই লক্ষ্য কৰিছিলো যে যোৱা দুটা দশকধৰি পাঞ্জাৱী পাঠ্যপুথিৰ বিষয়বস্তু সংশোধন কৰা হোৱা নাই। কৃষক আন্দোলনৰ ওপৰত এটা অধ্যায় লিখাৰ উদ্দেশ্য আছিল আমাৰ ভৱিষ্যত প্ৰজন্মক দিল্লীৰ সীমান্তত আমাৰ কৃষকসকলে দিয়া যুঁজখন লিপিবদ্ধ কৰা আৰু কোৱা। এইটো এটা সাধাৰণ প্ৰতিবাদ নাছিল ৷ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰিছিল এই আন্দোলনে ৷ । এই সংগ্ৰামৰ সময়ত আমাৰ শ শ কৃষকে প্ৰাণ হেৰুৱাইছিল। পাঞ্জাৱীসকলৰ নেতৃত্বত হোৱা এই আন্দোলন আৰু বিজয়ৰ কাহিনী শিক্ষাৰ্থীসকলক জনোৱাৰ আৰু ভাল উপায় নাছিল ৷”