সোমবাৰে নতুন দিল্লীৰ জন্তৰ মন্তৰত সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক)ই বিভিন্ন দাবীৰ সমর্থনত ৰূপায়ন কৰে ‘মহাপঞ্চায়ত’ শীর্ষক প্ৰতিবাদী কার্যসূচী ৷ যএই প্ৰতিবাদী কার্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দিল্লীতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ৷ বিভিন্ন ৰাজ্যৰ পৰা অহা সহস্ৰাধিক কৃষকে প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰে ৷
প্ৰতিবাদী কার্যসূচীলৈ অহা বহু কৃষকক আধাৰাস্তাত আৰক্ষীয়ে বাধা দিয়া বুলিও অভিযোগ উত্থাপন কৰা হৈছে ৷ অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে দিল্লী আৰক্ষীয়ে।
পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু অন্যান্য ৰাজ্যৰ কৃষকসকলে নতুন প্ৰতিবাদী কার্যসূচীত অংশ লৈছে ৷ এদিনীয়া এই কাৰ্যসূচী পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ৷ প্ৰতিবাদী কার্যসূচীৰ অন্তত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ দাখিল প্ৰদান কৰে ৷
প্ৰতিবাদী কার্যসূচীৰ জৰিয়তে উত্থাপন কৰা ৯টা দাবী হৈছে-
(১) লখিমপুৰ খেৰীত মন্ত্ৰীপুত্ৰৰ গাড়ীৰ খুন্দাত আপোনজনক হেৰুৱাই পেলোৱা কৃষক পৰিয়ালৰ প্ৰতি ন্যায় আৰু যোৱা ৯ মাহ ধৰি কাৰাগাৰত থকা কৃষক সকলক মুকলি কৰি দিয়া। খেৰীৰ দুর্ঘটনাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীক গ্ৰেপ্তাৰ কৰাৰ দাবী ৷
(২) “চি২+৫০% সূত্ৰ”ৰ ওপৰত স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি এম এছ পিৰ নিশ্চয়তা প্ৰদান ৷ প্ৰতিশ্ৰুতি অনুসৰি এম এছ পিৰ নিশ্চয়তা দিবলৈ আইন প্ৰণয়ন কৰিব লাগে।
(৩) দেশৰ সকলো কৃষকক ঋণমুক্ত কৰিব লাগে ৷
(৪) বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিল কৰিব লাগে।
(৫) চুপাৰিৰ সহায়ক মূল্য বৃদ্ধি কৰি বেতৰ বকেয়া তৎক্ষণাত পৰিশোধ কৰিব লাগে।
(৬) ভাৰতে বিশ্ব ব্যৱসায় সংস্থাৰ পৰা ওলাই আহি সকলো মুক্ত বাণিজ্য চুক্তি বাতিল কৰিব লাগে।
(৭)কৃষক আন্দোলনৰ সময়ত ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰ কৰিব লাগে।
(৮) প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকৰ বাকী থকা ক্ষতিপূৰণ তৎকালীনভাৱে মুকলি কৰি দিব লাগে।
(৯) অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰিব লাগে।