যোৰহাটত সোমবাৰে গণপ্ৰহাৰৰ বলি হৈ অনিমেষ ভূঞা নামৰ এজন যুৱকে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ নির্দেশ দিছে ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি ন্যায় প্ৰদানৰ আশ্বাস দিছে ৷
তদুপৰি ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিছে ৷এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷
বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শর্মাৰ ৷ ঘটনাত নিহত হোৱা অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
ইফালে আজি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল ভট্টাচার্য , সভাপতি দীপাংক নাথকে ধৰি শীর্ষ বিষয় ববীয়া সকল অনিমেষৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সান্ত্বনা প্ৰদান কৰে ৷ ইতিমধ্যে এই ঘটনাৰ মুল অভিযুক্ত নীৰজ দাসকে ধৰি ১৩ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গণপ্ৰহাৰৰ এই ঘটনাই সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই ঘটনাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক কৰায়ত্ব কৰাৰ লগতে দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷