দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত অধিবক্তা ৷ দুধনৈৰ চিলুক পথৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ব’লেৰো পিক আপ বাহন আৰু চুইফট ডিজায়াৰ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বিনয় ডেকা নামৰ অধিবক্তা গৰাকী ৷ আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি নিহত অধিবক্তা জনৰ ঘৰ গুৱাহাটীৰ ভগদত্তপুৰত আৰু তেওঁ বৰ্তমান গুৱাহাটীত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷
গোৱালপাৰাৰ দিশৰ পৰা গুৱাহাটী দিশলৈ গৈ থকা এখন ইটা কঢ়িওৱা AS 18AC/ 1811 নম্বৰৰ বলে’ৰ পিক, আপ বাহনৰ সৈতে গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা অভিমুখে গৈ থকা ML 08C / 7100 চুইফট ডিজায়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হয় অধিবক্তা গৰাকী ৷ উল্লেখ্য যে, মৃত অধিবক্তা গৰাকী অকলে তুৰালৈ গৈ থকাৰ মহুৰ্ততে দুধনৈ নদীৰ সমিপত বলেৰো পিক, আপ বাহনৰ সৈতে মুখামুখি দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লয় ৷ আনহাতে পিক’ আপ বাহনত থকা দুগৰাকী আৰোহী আহত হয় বুলি জানিব পৰা গৈছে ৷