কন্যা সন্তানৰ পিতৃ হ’ল লালুৰ কনিষ্ঠ পুত্ৰ তেজস্বী যাদৱ। সোমবাৰে পুৱা টুইট কৰি এই ভাল খবৰটো প্ৰকাশ কৰে আৰজেডি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। লালু-পুত্ৰই কেঁচুৱা কোলাত লৈ থকা এখন ছবি টুইট কৰে । টুইটাৰযোগে লিখিছে, ‘ভগৱানে কন্যাৰ ৰূপত পঠিওৱা উপহাৰ পাই আনন্দিত৷”
২০২১ চনত ৰেচেল গ’ডিনহ’ নামৰ এগৰাকী যুৱতীৰ সৈতে তেজস্বী বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত ৰেচেলে নিজৰ নাম সলনি কৰে। তেওঁৰ নাম ৰাজশ্ৰী যাদৱ দিয়া হৈছিল। বিহাৰৰ ৰাজনীতিত সদায়ে চৰ্চা লাভ কৰি আহিছে যাদৱ পৰিয়াল। লালুৰ পুতেক তেজস্বীও ৰাজনীতিৰ বাটত খোজ দিছে। কিন্তু তেজস্বীৰ পত্নীয়ে সদায় নিজকে লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছে।
ৰাজশ্ৰীয়ে তেজস্বীক বিয়া কৰাৰ পূৰ্বে কেবিন ক্ৰু হিচাপে কাম কৰিছিল। হাৰিয়ানাৰ ৰেৱাৰীৰ বাসিন্দা আছিল তেওঁ। পিছলৈ তেওঁ নিয়মীয়াকৈ দিল্লীত থাকিবলৈ আৰম্ভ কৰে। যাদৱ পৰিয়ালত নতুন সদস্যৰ আগমন স্বাভাৱিকতে এক সুখৰ বতাহ। তেজস্বীৰ ভগ্নী ৰোহিনী আচাৰ্যই টুইটাৰত লিখিছে, “ভগৱানে আনন্দৰ এক অতি সুন্দৰ উপহাৰ দিছে।”