গুৱাহাটী ০৪ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ অধীনত কামৰূপ মহানগৰৰ মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাত আঁচনিখনৰ অধীনত শেহতীয়া ২০২২ বর্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ পোৱা চৰকাৰী বিদ্যালয়ৰ ২১ গৰাকী কীৰ্তি ছাত্রী আৰু লগতে কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্রত পাৰদর্শিতা দেখুওৱা জিলাখনৰ ৪ খন বিদ্যালয়ৰ পৰিচালনা সমিতি- সমূহক সম্বৰ্দ্ধনা জনোৱা হয়।
সম্বৰ্দ্ধনাৰ অংশস্বৰূপে ৫০০০/- (পাঁচ হাজাৰ) টকাৰ একোখনিকৈ চেক্ আৰু মানপত্ৰ আগবঢ়োৱা হয়। আনহাতে, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলা পৰ্যায়ত সর্বোচ্চ নম্বৰ প্রাপ্ত দুগৰাকী ছাত্রীক ১০,০০০ (দহ হাজাৰ) টকাকৈ আগবঢ়োৱা হয়। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে ছাত্রীসকলক নিজ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই সভাত বক্তৃতা প্ৰদান কৰি কয় যে ল’ৰা-ছোৱালী বুলি কোনো বৈষম্য ৰাখিব নালাগে। জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা, বিদ্যালয় পৰিদর্শক প্রসন্ন বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ সভা উপস্থিত থাকি ছাত্রীসকলক অভিনন্দন জনোৱাৰ লগতে উৎসাহিত কৰে।
সভাত স্কুল পৰিচালনা সমিতিৰ সদস্য সকলকো ভবিষ্যত দিনত সাফল্যৰ যাত্রা অব্যাহত ৰাখিবলৈ পৰামর্শ আগবঢ়ায় । আনহাতে, আজিৰ এই সভাতে, ‘বেটি বচাও বেটি পঢ়াও’ আচঁনি, কামৰূপ মহানগৰৰ অধীনত কন্যা শিশু শিক্ষাৰ গুৰুত্বৰ ওপৰত নির্মিত দুটিকে সজাগতামূলক দৃশ্য- শ্ৰৱ্য মুকলি কৰা হয় । ইয়াৰে এটাত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই আৰু আনটোত মেঘালী বৰদলৈয়ে কন্ঠদান কৰিছে।