পুনৰ অসম আৰক্ষীক দুর্নাম কৰিলে দুজন আৰক্ষী বিষয়াই ৷ কৰ্তব্যত গাফিলতি আৰু সহকৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগত এইবাৰ নিলম্বন হ’ল মহিলা আৰক্ষী ৷ মঙলদৈ আৰক্ষী থানাত মহিলা আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে ৷
কৰ্তব্যত গাফিলতি, সহকৰ্মী আৰু গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন কৰা হৈছে মঙলদৈ সদৰ থানাৰ উপ পৰিদৰ্শক কৰবী শইকীয়াক ৷ মঙলদৈ আৰক্ষী অধীক্ষকে কৰবী শইকীয়াক নিলমচ্বনৰ নির্দেশ দিয় ৷
ইফালে ৰিজার্ভ ক্ল’জ কৰা হৈছে পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নাথক ৷ শিশু শ্ৰমিক ৰখাৰ অভিযোগত তেওঁক ৰিজার্ভ ক্ল’জ কৰা হৈছে ৷ ৰাজীৱ নাথে ঘৰত ৰখা বনকৰা শিশুক নির্যাতন চলোৱাৰ অভিযগো উত্থাপিত হৈ আহিছে ৷