৪ মাহৰ বিৰতিৰ পিছত সোমবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ক’ভিড নিয়মাৱলী অনুসৰণ কৰি ৰাইজৰ বাবে পুনৰ ফেৰী সেৱা আৰম্ভ কৰা হৈছে। অৱশ্যে টিকাকৰণ এতিয়াও বাধ্যতামূলক হোৱা নাই।
বাছৰ ভাড়া বৃদ্ধি কৰা সন্দৰ্ভত বিভিন্ন কথাৰ অৱতাৰণা হৈ আছে যদিও ফেৰীৰ ভাড়া বৃদ্ধি সন্দৰ্ভত কোনো জাননী এই পৰ্যন্ত দিয়া হোৱা নাই। অৰ্থাৎ পৰৱৰ্তী জাননী নোপোৱালৈকে ফেৰীৰ সময় আৰু ভাড়াৰ নিৰিখ আগৰ দৰেই থাকিব।
২০২১ বৰ্ষৰ মে মাহত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰা হৈছিল। ৰাজ্য চৰকাৰে ক’ৰণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃজিলা ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ সময়তে ফেৰী সেৱাও বন্ধ কৰা হৈছিল।
উল্লেখ্য যে চৰকাৰে ২ ছেপ্টেম্বৰৰ পৰা ৰাজহুৱা পৰিবহণৰ অন্যান্য মাধ্যম সন্দৰ্ভত সন্মতি প্ৰদান কৰিছিল যদিও ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে ফেৰী সেৱাৰ ওপৰত নিষেধাজ্ঞা অব্যাহত আছিল।