২০১৯-২০২১বৰ্ষৰ National Health and Family Survey-5ত পোহৰলৈ আহিছে মদ্যপান সম্পৰ্কীয় কেতবোৰ মনকৰিবলগীয়া তথ্য ৷ তথ্য অনুসৰি ১৫ৰ পৰা ৪৯বছৰৰ ভিতৰত কেৱল ১শতাংশ নাৰীৰ বিপৰীতে ২২শতাংশ পুৰুষে মদ্যপান কৰে ৷ আনহাতেদি অৰুণাচল প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই মদ্যপান কৰে বুলি তথ্য পোহৰলৈ আহিছে ৷ ৰাজ্যখনত ১৮শতাংশ মহিলাই সুৰাপান কৰে ৷ ১৪.৮শতাংশৰে নাৰীৰ সুৰাপানৰ শাখাত দ্বিতীয় স্থানত আছে ছিকিম আৰু ৫.৫ শতাংশৰে তৃতীয় স্থানত আছে অসমৰ নাম ৷
আনহাতে ৫৯% সুৰাপায়ীৰে পুৰুষৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে গোৱা ৷ ৫৭%ৰে দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশ ৷ অৱশ্যে পুৰুষৰ সুৰাপানৰ ক্ষেত্ৰত প্ৰথম পাঁচখন ৰাজ্যৰ তালিকাত নাই অসমৰ নাম ৷
উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ১৭শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে আৰু ৩৭%ই সপ্তাহত এবাৰ এই কাম কৰে ৷ইয়াৰ বিপৰীতে ১৫% পুৰুষে প্ৰতিদিনে সুৰাপান কৰে আৰু আৰু ৪৩%ই সুৰাপান কৰে সপ্তাহত এবাৰকৈ ৷
অৱশ্যে তথ্য অনুসৰি ২০১৫—১৬বৰ্ষতকৈ ২০১৯-২১বৰ্ষত পুৰুষৰ ক্ষেত্ৰত মদ খোৱাৰ পৰিসংখ্যা ২৯শতাংশৰ পৰা ২২শতাংশলৈ হ্ৰাস পাইছে ৷ কিন্তু বিশেষজ্ঞ সকলৰ মতে লকডাউনৰ সময়ত সুৰাৰ দোকান সমূহ বন্ধ থকাৰ বাবেহে হ্ৰাস পাইছে সুৰাপায়ীৰ সংখ্যা ৷