জম্মু -কাশ্মীৰত অব্যাহত আছে সেনা আৰু উগ্ৰবাদীৰ সংঘৰ্ষ। কাশ্মীৰৰ কুলগ্ৰামত বুধবাৰে সংঘটিত দুটা পৃথক সংঘৰ্ষত নিহত হৈছে পাঁচ উগ্ৰবাদী। নিহত উগ্ৰবাদী সকলৰ ভিতৰত আছে টি আৰ এফ নামৰ উগ্ৰবাদী সংগঠনৰ এজন শীৰ্ষ কামাণ্ডাৰ। সেনাৰ গুলীত নিহত হোৱা টি আৰ এফৰ শীৰ্ষ কামাণ্ডাৰ জন হৈছে আফাক চিকন্দৰ।যোৱা বছৰ চিকন্দৰে উগ্ৰবাদী সংগঠনটোত যোগদান কৰিছিল।গোপালপুৰা অঞ্চলত চলোৱা এই অভিযানত আন এজন উগ্ৰবাদীও নিহত হৈছে। টি আৰ এফ নামৰ সংগঠনটো হৈছে লস্কৰ ই তৈবাই পৰিচালনা কৰা এটা উগ্ৰবাদী সংগঠন।বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সেনা,আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা দলে গাওঁ খন চাৰিওফালৰ পৰা ঘেৰি ধৰে। যেতিয়া অভিযানকাৰী দলটোৱে উগ্ৰবাদী কেইজন লুকাই থকা স্থানত উপস্থিত হয় ,তেতিয়াই উগ্ৰবাদী কেইজনে দলটোক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।ইয়াৰ প্ৰত্যুত্তৰত সেনাই চলোৱা গুলীত দুজন উগ্ৰবাদী নিহত হয়।আনহাতে পম্বে নামৰ গাঁওখনত সংঘটিত আন এক সংঘৰ্ষত তিনিজন উগ্ৰবাদী নিহত হৈছে।