গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশু যতন কক্ষত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। পুৱা প্ৰায় দহবজাত অসামৰিক চিকিৎসালয়খনত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে ১৪টি শিশুৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে চিকিৎসাধীন শিশু কেইটিৰ অভিভাৱক সকলৰ মাজত হুৱাদুৱা লাগে। ততাতৈয়াকৈ চিকিৎসাধীন শিশুকেইটিক যতন কক্ষৰ পৰা বাহিৰলৈ অনা হয়। সমান্তৰাল ভাৱে অগ্নিনির্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।অৱশ্যে এই ঘটনাত চিকিৎসাধীন শিশুৰ কোনোধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। চিকিৎসাধীন শিশুসকলৰ চাৰি শিশুক অগ্নিকাণ্ডৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।শিশু কেইটাক হাস্পতালখনৰ আই চি ইউলৈ স্থানান্তৰিত কৰা হয়। কিদৰে এই অগ্নিকাণ্ড সংঘটিত হল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত হাস্পতালখনত চিকিৎসাধীন আন ৰোগীসকলৰ মাজতো আতংকৰ সৃষ্টি হয়।