গুৱাহাটীৰ নাৰেংগীৰ সাতগাঁৱত অৱস্থিত বেচৰকাৰী খণ্ডৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান এছ এফ এছ হায়াৰ চেকণ্ডেৰি স্কুলত শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত কৰা হয় অগ্নি নিৰ্বাপক সুৰক্ষা বিষয়ক এক সজাগতা সভা তথা প্ৰশিক্ষণ অনুষ্ঠান৷
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰাম যোগে প্ৰতিষ্ঠানখনৰ নিজা ইনষ্টাগ্ৰাম প্ৰফাইলত কালি অনুষ্ঠিত হৈ যোৱা এই প্ৰশিক্ষণ তথা সজাগতা অনুষ্ঠানৰ কেইখনমান ফট’ শ্বেয়াৰ কৰি শিক্ষা প্ৰতিষ্ঠান খনে এই কথা প্ৰকাশ কৰে যে অগ্নি নিৰ্বাপণৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে প্ৰশিক্ষণ প্ৰাপ্ত তথা এই বিত্তীৰ সৈতে জৰিত লোকৰ সহায়ত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলক অগ্নি নিৰ্বাপণ,সাৱধানতা আৰু সজাগতা বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
উল্লেখযোগ্য যে মহানগৰীখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান সমূহৰ ভিতৰত অন্যতম এক শিক্ষা প্ৰতিষ্ঠান এছ এফ এছ হায়াৰ চেকণ্ডেৰী স্কুলে সময়ে সময়ে শিক্ষাৰ্থী সকলৰ বাস্তৱিক জীৱনৰ ক্ষেত্ৰত প্ৰয়োজনীয় বহু ব্যৱহাৰিক বিষয় সামৰি এনে ধৰণৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যাৰ বাবে প্ৰতিবছৰে বিদ্যালয়খনত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱক সকলৰ আগ্ৰহ পৰিলক্ষিত হয় ৷ নিশ্চয়কৈ শিক্ষা প্ৰতিষ্ঠান খনৰ এনে পদক্ষেপ নিশ্চয়কৈ শিক্ষাৰ্থী সকলৰ ভৱিষ্যৎ জীৱনতো যথেষ্ট সহায়ক হ’ব ৷