আমিনগাঁৱত আজি সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় এজন শ্ৰমিক ।নিহত শ্ৰমিকজন ৰামদিয়াৰ থানেশ্বৰ কলিতা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে আমিনগাৱৰ ৰেইনব’ প্লাষ্ট নামৰ উদ্যোগটোত সংঘটিত হৈছে এই কৰুণ ঘটনা । জানিব পৰা মতে উদ্যোগটোৰ শ্ৰমিকৰ শোৱনি কোঠাত জুই লগাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হয় শ্ৰমিক জন ।অগ্নিকাণ্ডৰ সময়ত কোঠাটোত মুঠ ৮ জন শ্ৰমিক আছিল ।কিন্তু অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত কোনোমতে ৭ জন শ্ৰমিকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷
উদ্যোগটোৰ কাষতে থকা ছাংগানেৰিয়া টেক্সটাইল উদ্যোগৰ শ্ৰমিকৰ কোঠাত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল ।এই জুই ৰেইনব’প্লাষ্টৰ শ্ৰমিকসকল থকা কোঠালৈ সম্প্ৰসাৰিত হয় ৷পৰৱর্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত অগ্নিনির্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে ৷অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীয়ে তদন্ত আৰম্ভ কৰিছে ।