প্ৰচণ্ড ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঘৰৰ ভিতৰত জুই ধৰি শুই থকাৰ ফলত একেটা পৰিয়ালৰে ৫ জন লোকৰ মৃত্য ঘটিছে ৷ উত্তৰ প্ৰদেশৰ অমৰোহাত এই ঘটনা সংঘটিত হয় ৷ একেটা পৰিয়ালৰ ৫জন সদস্যৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। বাকী দুজনৰ অৱস্থা সংকটজনক।
আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা সোমবাৰে নিশা এটা পৰিয়ালে প্ৰচণ্ড ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ একেটা কোঠাত শুইছিল। জ্বলি থকা চৌকা এটাই কোঠাটো গৰম কৰি ৰাখিছিল। তাত কয়লা জ্বলি আছিল। উমাল পৰিৱেশত তেওঁলোক শুই পৰিছিল ৷ কিন্তু মঙলবাৰে দুপৰীয়াও যেতিয়া ঘৰৰ বাহিৰত কাকো দেখা নাপালে, তেতিয়া চুবুৰীয়াই তেওঁলোকক জগাবলৈ চেষ্টা কৰে ৷ কিন্তু কাৰো পৰা কোনো সঁহাৰি লাভ নকৰিলে ।
ইয়াৰ পিছত চুবুৰীয়াই ঘৰৰ দুৱাৰ ভাঙি সোমাই মজিয়াত থকা বিচনাখনত প্ৰায় সকলোকে অচেতন হৈ থকা প্ৰত্যক্ষ কৰে । জীৱিত দুজন লোকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নিহত কেইজন হৈছে ১৯ বছৰীয়া সোণম, ১৭ বছৰীয়া ৱাৰিছ, ১৬ বছৰীয়া মেহেক, ১৫ বছৰীয়া জাইদ আৰু ১২ বছৰীয়া মাহীৰ।
তীব্ৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঘৰৰ ভিতৰত এৰি থৈ যোৱা জ্বলি থকা জুইকুৰাৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাটো উত্তৰ ভাৰতত নতুন কথা নহয়। যোৱা সোমবাৰে খেৰিত একেদৰেই ৭ আৰু ৮ বছৰীয়া দুটি শিশুৰ মৃত্যু হয়। সংকটজনক অৱস্থাত এতিয়াও তেওঁলোকৰ পিতৃ-মাতৃয়ে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।