VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলিয়াবৰ “মীন পালন আৰু কৃষি ফাৰ্মাৰ প্র’ডিউচাৰ কোম্পানী লিমিটেড”ৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

voicedesk by voicedesk
October 3, 2023
in মুখ্য সংবাদ
কলিয়াবৰ “মীন পালন আৰু কৃষি ফাৰ্মাৰ প্র’ডিউচাৰ কোম্পানী লিমিটেড”ৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন
0
SHARES
154
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২অক্টোবৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ কেইজনমান ব্যক্তিৰ ত্যাগ আৰু সুদূৰ প্ৰসাৰী চিন্তাৰে পি.ডব্লিউ.চি. আৰু এপাৰ্টৰ জৰিয়তে কলিয়াবৰ মীন পালক আৰু কৃষক ৰাইজক লৈ গঠন হোৱা “কলিয়াবৰ মীন পালন আৰু কৃষি ফার্মাৰ প্রডিউচাৰ কোম্পানী লিমিটেড”ৰ প্ৰথমখন বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় । পূৱথৰীয়াৰ বাপুজী পুথিভঁৰালৰ প্ৰাংগনত অনুষ্ঠিত অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত সঞ্চালনা কৰে বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা মণিমাধৱ মহন্তই। সভাত কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই কয় যে কৃষকসকল সমাজৰ অগ্ৰণী ব্যক্তি আৰু অন্নদাতা সদৃশ। তথাপিও সাম্প্ৰতিক সময়ত কৃষকসকল অনাদৃত আৰু উপেক্ষিত। বিভিন্ন সময়ত কৃষকসকলৰ সজাগতাৰ অভাৱৰ বাবেই উন্নয়নমুখীতা সম্ভৱ হৈ নুঠে ৷ সেয়েহে সমূহ কৃষক ৰাইজক সুসংগঠিত কৰি তেওঁলোকক আগুৱাই নিয়াই আমাৰ প্ৰধান লক্ষ্য বুলি সদৰী কৰি তেওঁ মৎস্য পালনৰ ক্ষেত্ৰত মোৱা,কাৱৈ,গৰৈ, ডৰিকনা আদি মাছৰ পালনৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

মীন বিষয়া হাচিনা মমতাজে মীন উৎপানৰ ক্ষেত্ৰত মীন পালকসকলে চৰকাৰী বিভিন্ন সা-সুবিধাৰ লাভ কৰাৰ আঁচনি সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ লগতে বিষয়াগৰাকীয়ে মে’ মাহৰ পৰা জুলাই মাহ পৰ্যন্ত মাছে কণী পৰাৰ সময়ত মাছ নধৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷ এই সময়চোৱাত মৎস‍্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে চৰকাৰে এককালীন সাহাৰ্য দিয়াৰ ব‍্যৱস্থাও আছে বুলি জানিবলৈ দিয়ে । পি ডব্লিউ চিৰ বিষয়া শুভ্ৰম গোস্বামীয়ে পেচাদাৰী হিচাপে সকলোকে মৎস্য পালন কৰিবলৈ আহ্বান জনায় ৷ এপাৰ্টৰ বিষয়া অংকুৰ গোস্বামীয়ে কৃষক ৰাইজক উদ্দেশ্যি কয় যে আমি মৎস্য অথবা যিকোনো কৃষি কাৰ্য বাণিজ্যলৈ পৰ্যবসিত নঘটালে অথবা বজাৰ দখল নকৰিলে আমাৰ আৰ্থিক আয় কদাপিও বিকশিত নহ’ব ৷ সেয়েহে আমাৰ পৰম্পৰাগত সকলো কৃষি পদ্ধতি বাণিজ্যমুখী কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

কেইবাগৰাকীও অংশীদাৰক লাভাংশ বিতৰণ কৰা উক্ত সভাত সভাপতিৰ বক্তব্যত মণিমাধৱ মহন্তই কয় যে মীন পালন এতিয়া মৎস্য জীৱিসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ মৎস্য পালন সম্প্ৰতি উদ্যোগলৈ পৰিণত হৈছে ৷ অসমৰ মুখ‍্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ চিন্তাৰে মীন পালনক এক উদ‍্যোগ হিচাপে গঢ়ি তোলাৰ লক্ষৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে মীন পালকসকলক এতিয়া কৃষক ৰূপে গণ্য কৰা হয় ৷ মৎস্য পালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ বহুতো উপাদান আছে বুলি মন্তব্য কৰি মহিলা সবলীকৰণৰে গ্ৰাম্য অৰ্থনীতি বিকশিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ তেওঁ মহিলা আই মাতৃসকলক নিজৰ ঘৰখনকে এটা উদ্যোগলৈ পৰ্যবসিত কৰি বিহুৱান তথা তেনেধৰণৰ আনুসাংগিক উৎপাদনমুখী কামত হাত উজান দিবলৈও আহ্বান জনায় ৷

Previous Post

কলিয়াবৰত আৰক্ষী দিৱসত দেৱব্ৰত বৰঠাকুৰৰ নাটক “আৰক্ষী চকী”ৰ সফল মঞ্চায়ন

Next Post

গান্ধী জয়ন্তীত কেয়াৰ ইউ ৩৬৫ৰ “স্কুল ৱাপছি” অভিযানৰ কন কন শিশুৱে গান্ধীজীৰ বেশভূষাৰে উলিয়ালে শোভাযাত্ৰা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গান্ধী জয়ন্তীত কেয়াৰ ইউ ৩৬৫ৰ “স্কুল ৱাপছি” অভিযানৰ কন কন শিশুৱে গান্ধীজীৰ বেশভূষাৰে উলিয়ালে শোভাযাত্ৰা

গান্ধী জয়ন্তীত কেয়াৰ ইউ ৩৬৫ৰ "স্কুল ৱাপছি" অভিযানৰ কন কন শিশুৱে গান্ধীজীৰ বেশভূষাৰে উলিয়ালে শোভাযাত্ৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7