VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুজৰাটত আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা”,আজি ৮৯ টা সমষ্টিত প্ৰথম পর্যায়ৰ ভোটগ্ৰহণ

voicedesk by voicedesk
December 1, 2022
in মুখ্য সংবাদ
গুজৰাটত আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  “পৰীক্ষা”,আজি ৮৯ টা সমষ্টিত প্ৰথম পর্যায়ৰ ভোটগ্ৰহণ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ  গৃহ ৰাজ্য গুজৰাটত ভোটদান আৰম্ভ হৈছে। গুজৰাটৰ মুঠ ১৮২খন বিধানসভা আসনৰ ভিতৰত বৃহস্পতিবাৰে কুচ-সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ১৯খন জিলাৰ ৮৯খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই নির্বাচনত মুঠ ৭৮৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

গুজৰাটৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, পুৱা ৮ বজাৰ পৰা ১৪,৩৮২টা বুথত ভোটগ্ৰহণ আৰম্ভ হয়। সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ চলি থাকিব। মোদী-শ্বাহ ৰাজ্যৰ ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত ২ কোটি ৩৯ লাখ লোকে প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব। সোমবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব উত্তৰ আৰু মধ্য গুজৰাটৰ ৯৩টা সমষ্টিত। ৮ ডিচেম্বৰত ভোট গণনা কৰা হ’ব।

প্ৰথম পৰ্যায়ৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা (জামনগৰ-উত্তৰ, বিজেপি), প্ৰাক্তন বিৰোধী নেতা পৰেশ ধনানী (আমৰেলী, কংগ্ৰেছ), ‘গডমাদাৰ’ সন্তকবেনৰ পুত্ৰ আৰু ‘বাহুবলী’ৰ বিদায়ী বিধায়ক কন্ধল জাদেজা (কুটিয়ানা) আৰু আম আদমি পাৰ্টি।(ইউ পি)ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা টিভি উপস্থাপক ইছুদন গাড়বী (খাম্বলিয়া), ভাৰতীয় জনজাতি পাৰ্টিৰ নেতা তথা বিদায়ী বিধায়ক ছোতু বাসৱ (ঝাগড়িয়া)।

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত এই ৮৯খন আসনৰ ভিতৰত ৪৮খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে ৪০খন আসনত জয়লাভ কৰে। পিছত কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰে। এইবাৰ ভোটৰ যুঁজ তিনিমুখীয়া। কংগ্ৰেছ আৰু বিজেপিৰ সমান্তৰালভাৱে অৰবিন্দ কেজৰিৱালৰ আপেও গুজৰাট নির্বাচনত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিছে । শেহতীয়াকৈ চুৰাটকে ধৰি একাংশ চহৰৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ পিছতে আপে দ্বিতীয় স্থান লাভ কৰিছে। এই নিৰ্বাচনত কেজৰিৱালে সমগ্ৰ গুজৰাটত ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল। তেওঁ দাবী কৰে যে বিধানসভা নিৰ্বাচনতো বিজেপিৰ মূল যুঁজ আপৰ সৈতে হ’ব।

প্ৰসংগক্ৰমে ২০১৭ চনৰ গুজৰাটত বিধানসভা নিৰ্বাচনত ৯৯খন আসন লাভ কৰি একেৰাহে পঞ্চমবাৰৰ বাবে বিজেপিয়ে ক্ষমতালৈ আহিছিল। কিন্তু ১৯৯০ চনৰ পিছত বিজেপিয়ে সৰ্বনিম্ন সংখ্যক আসন লাভ কৰিছিল। আনহাতে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৭৭খন আসন লাভ কৰি বহু ৰাজনৈতিক বিশ্লেষকক আচৰিত কৰি তুলিছিল। নিৰ্দলীয় আৰু আনসকলে ৬খন আসন লাভ কৰে। এইবাৰ ষষ্ঠবাৰৰ বাবে ক্ষমতালৈ ঘূৰি অহাৰ বাবে আশাবাদী বিজেপি।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

কলকাতাত প্ৰথম দৰমহা হিচাপে কিমান টকা লাভ কৰিছিল অমিতাভ বচ্চনে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কলকাতাত প্ৰথম দৰমহা হিচাপে কিমান  টকা লাভ কৰিছিল অমিতাভ বচ্চনে ?

কলকাতাত প্ৰথম দৰমহা হিচাপে কিমান টকা লাভ কৰিছিল অমিতাভ বচ্চনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7