জম্মু-কাশ্মীৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি বিগত ৩৬ ঘণ্টাত অমৰনাথ যাত্ৰাত ৫ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। ফলত এই যাত্ৰা আৰম্ভ হোৱাৰ পৰাই মৃত্যু হোৱা ভক্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে পুৱাৰে পৰা এজন সাধুকে ধৰি ৫জন ভক্তৰ মৃত্যু হৈছে। এতিয়ালৈকে এই তীৰ্থযাত্ৰাত মৃত্যু হোৱা অধিকাংশই হাৰ্ট এটেকত আক্ৰান্ত বুলি প্ৰশাসনে জানিবলৈ দিয়ে।
যোৱা ৩৬ ঘন্টাত পাহেলগাঁৱত ৪ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আনহাতে বাল্টলত আন এজন ভক্তৰ মৃত্যু হয়। চাৰিজন তীৰ্থযাত্ৰী চিনাক্ত কৰা হৈছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটৰ বাসিন্দা। এজন প্ৰশাসনিক বিষয়াই জনোৱা মতে, বাকী থকা ব্যক্তিজনৰ পৰিচয় জানিবলৈ প্ৰচেষ্টা অব্যাহত আছে।
বুধবাৰে কটকটীয়া নিৰাপত্তাৰ অধীনত জম্মু বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰালৈ ৰাওনা হয় দশম তীৰ্থযাত্ৰীৰ দল । এই গোটত ৭,৮০০ তীৰ্থযাত্ৰী আছে। মঙলবাৰৰ পৰা বতৰ উন্নত হোৱাৰ লগে লগে সেইদিনা দুপৰীয়াৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হৈছে ৷ প্ৰশাসনৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত ১ লাখ ৬২ হাজাৰ তীৰ্থযাত্ৰী অমৰনাথ ভ্ৰমণ কৰিছে। এই যাত্ৰা আৰম্ভ হৈছিল যোৱা ১ জুলাইৰ পৰা। ইয়াৰ অন্ত পৰিব ৩১ আগষ্টত।