বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ কেইবাটাও স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, ৰুক্মিনীগাঁৱকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে ৷ যাৰ ফলত পুৱাই কাম-কাজলৈ ওলাই যোৱা লোক অথবা শিক্ষার্থীসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
উল্লেখ্য যে অনিল নগৰ, নবীন নগৰকে ধৰি গুৱাহাটী মহানগৰৰ কেইবাটাও অঞ্চল এজাক বৰষুণ দিলেই কৃত্ৰিম বানত প্লাৱিত হৈ পৰে ৷ দীর্ঘদিন ধৰি প্ৰতিবাদ কৰি অহা সত্বেও এই স্থানীয় লোকসকলৰ সমস্যা সন্মুখীন নহ’ল ৷ কোটি কোটি টকাৰে মহানগৰীত উৰণ সেতু তথা উদ্যানকে ধৰি বিভিন্ন আন্তঃগাথনিমূলক কামকাজ কৰি আহিছে ৷ কিন্তু কৃত্ৰিম বানৰ সমস্যা আজিও যেন এলাগী হৈ আছে ৷ যাৰ পৰিণাম ভূগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷ কৃত্ৰিম বানৰ ফলত আজিও মহানগৰীৰ অনিল নগৰ-নবীন নগৰ আদি অঞ্চলত কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
কৃত্ৰিম বানৰ সমস্যাৰে জৰ্জৰিত অনিল নগৰবাসীয়ে এইবাৰ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি পুৱা অনিল নগৰৰ একাংশ লোকে কলহত মাটিৰ পৰিৱৰ্তে পানী ভৰাই প্ৰতিবাদ কৰিছে। তেওঁলোকে কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে চৰকাৰক দাবী জনায় কয় যে অমৃত কলহত ভৰাবলৈ অনিল নগৰত এতিয়া মাটি নাই ৷ সেয়েহে কৃত্ৰিম বানৰ পানীকে ভৰাবলগীয়া হৈছিল ৷
ইপিনে নিশা অহা মুষলধাৰ বৰষুণত মহানগৰীৰ জু-নাৰেংগী ৰোডৰ ভাস্কৰ নগৰত ভূমিস্খলন সংঘটিত হয় । দেৱাল আৰু পাহাৰৰ মাটি খহি পৰাৰ ফলত ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে এটা পৰিয়াল। কথমপি প্রাণ ৰক্ষা পৰে ঘৰৰ গৰাকীৰ।