পশ্চিম অসমৰ ৰাইজৰ বিমান পৰিবহনৰ একমাত্ৰ ভৰসা হৈছে ৰূপচী বিমানবন্দৰ ৷ সেই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তবায়িত কৰি ৩৯ বছৰৰ অপেক্ষাৰ অন্তত ৰূপচী বিমানবন্দৰৰ পৰা পুনৰ যাত্ৰীবাহী বিমান সেৱা আৰম্ভ হৈছিল । কিন্তু সেই আশাত যেন পুনৰ চেঁচা পানী পৰিল ৷ বিগত প্ৰায় ১৩ দিনে বিমানকোঠটোৰ পৰা চলাচল কৰা নাই কোনো বিমান।
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে হোৱা এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৮ মে’ৰ পৰা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল “ফ্লাই বিগ” নামৰ বিমান পৰিবহন সংস্থা এটাই। প্ৰথমাৱস্থাত পৰিবহণ সংস্থাটোৱে ৭২খন আসনৰ এটিআৰ–চেভেণ্টি টু বিমান সপ্তাহত তিনি দিন ৰূপচী হৈ গুৱাহাটীৰ পৰা ক’লকাতা আৰু ক’লকাতাৰ পৰা ৰূপচী হৈ গুৱাহাটীলৈ চলাচল কৰিছিল ।
কিন্তু বিগত ৭ নৱেম্বৰৰ পৰাই ‘ফ্লাই বিগ’ৰ এখনো বিমান চলাচল কৰা নাই ৰূপচীৰে। কিন্তু কি কাৰণত এই সেৱা বন্ধ কৰা হৈছে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ৷ পৰিবহণ সংস্থাটোৱে আগতীয়া কোনো ধৰণৰ জাননী নিদিয়াকৈ হঠাতে ৰূপচীৰ পৰা বিমান যাত্ৰা প্ৰত্যাহাৰ কৰাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু যাত্ৰী।