ঘূৰ্ণীবতাহ ডকছুৰিৰ প্ৰভাৱত চীনৰ ৰাজধানী বেইজিঙৰ পৰিস্থিতি কাৰ্যত ভয়াৱহ হৈ পৰিছে । বেইজিঙৰ সংলগ্ন হেবেই প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে। এই পৰ্যন্ত বেইজিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ২১ জন লোকৰ মৃত্যু হৈছে। প্ৰথম অৱস্থাত এই সংখ্যা ১৫ বুলি অনুমান কৰা হৈছিল। কিন্তু বানাক্ৰান্ত অঞ্চলসমূহত এতিয়াও বহু লোকৰ হিচাপ নোহোৱাৰ বাবে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
স্থানীয় বতৰ বিজ্ঞান কাৰ্যালয়ৰ তথ্য অনুসৰি যোৱা শনিবাৰৰ পৰা বুধবাৰৰ নিশালৈকে কেৱল বেইজিঙত ৭৪৪.৮ মিলিমিটাৰ বৰষুণ হৈছিল। সেই দেশৰ বিমান কাৰ্যালয়ে দিয়া পৰিসংখ্যা অনুসৰি যোৱা ১৪০ বছৰৰ ইতিহাসত দেশত ইমান পৰিমাণৰ বৰষুণ কেতিয়াও হোৱা নাই। অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত বেইজিঙৰ অধিকাংশ গুৰুত্বপূৰ্ণ অঞ্চল পানীত বুৰ গৈছে । উদ্ধাৰকাৰী দলসমূহে লাইফ জেকেট আৰু নাও ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে।
বৰষুণৰ ফলত ৰাজধানী চহৰৰ কেইবাটাও স্থানত পানীৰ পাইপো ফাটি যায়। সংক্ৰমণ বিয়পি পৰাৰ ভয়ত বহু বাসিন্দাই সেই পাইপলাইনৰ পানী খোৱাৰ পৰা বিৰত আছে । ফলত বেইজিঙৰ বিভিন্ন প্ৰান্ততো পানীৰ সংকটৰ সৃষ্টি হৈছে। স্থানীয় প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কমেও ২৬ জন বাসিন্দা বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। তেওঁলোকক উদ্ধাৰ কৰিবলৈ নিশাও লাইট জ্বলাই উদ্ধাৰৰ কাম কৰা হৈছে। হেবেই প্ৰদেশৰ এখন সৰু চহৰ ঝৌঝৌ বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। হেবেই প্ৰদেশৰ প্ৰশাসনে জনোৱা মতে, এই পৰ্যন্ত ৮ লাখ ৫০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।