বানত প্লাৱিত হৈছে ৰাজ্যৰ ১৪ খন জিলা। প্ৰলয়ংকাৰী বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো। ক্ৰমাৎ জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ২২৩ টা বন শিৱিৰৰ ভিতৰত বানে প্লাৱিত কৰিছে ৯৫টা বন শিবিৰ ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলত ৩৪টা, কহঁৰা বনাঞ্চলত ২০টা, বাগৰি বনাঞ্চলত ১০টা, বোকাখাত বনাঞ্চলত ৬টা বনশিবিৰ বানে প্লাৱিত হৈছে ৷ বৰ্তমানলৈকে স্থানান্তৰ কৰা হৈছে ৬টা বন শিবিৰ ৷
উল্লেখযোগ্য যে বানৰ পৰা পৰিত্ৰাণ পাবলৈ একাংশ বন্যপ্ৰাণীয়ে হাইলেণ্ডত আশ্ৰয় গ্ৰহণ কৰিছে ৷ সমান্তৰালকৈ একাংশ বন্যপ্ৰাণী কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে ৷ এনে সময়ত স্থানীয় স্বেচ্ছাসেৱীৰ লগতে আৰক্ষী আৰু পৰিবহণ বিভাগৰ সহযোগত বন্যজন্তুৰ নিৰাপত্তা বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰা হৈছে গধুৰ বাহনৰ চলাচল। ৩০ কিঃমিঃ বেগত পাৰ হ’ব পাৰিব ব্যক্তিগত বাহন- বাছ। কেইবাখনো বাহন একগোট কৰি পাৰ কৰিব কৰ্তৃপক্ষই। একাংশ বন্যজন্তুৱে আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। আনহাতে, বানৰ প্ৰকোপ বৃদ্ধি পোৱাত উদ্যানৰ অন্তৰ্ভাগৰ পৰা উলিয়াই অনা হৈছে বিভাগীয় হাতীসমূহ।