নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ ৷ চহৰখনৰ অধিকাংশ অঞ্চল প্লাৱিত হৈ পৰিছে ৷কেইসপ্তাহমানৰ পিছত দিল্লীত অনুষ্ঠিত হ’ব জি-২০ শীৰ্ষ সন্মিলন। ইফালে ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী প্লাৱিত হৈ পৰিছে৷ দিল্লীত যমুনা নদীৰ জলপৃষ্ঠই ৪৫ বছৰৰ অভিলেখ ভংগ কৰি বিপদসীমা অতিক্ৰম কৰিলে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সমীপৱর্তী অঞ্চলসমূহ প্লাৱিত হৈ পৰিছে । হাৰিয়ানাৰ হাতনিকুণ্ডা মথাউৰিৰ পৰা পানী এৰি দিয়াৰ ফলত যমুনাত বিপদসীমাৰ পৰা তিনি মিটাৰ ওপৰলৈ উঠিছে জলপৃষ্ঠ। মঞ্জু কা টিলাৰ সৈতে সংযুক্ত কাশ্মীৰী গেট আই এছ বি টি গেট বন্ধ কৰি দিয়া হৈছে ।
ৰিং ৰোড অঞ্চলৰ কিছু অংশ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই অঞ্চলটো মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত অৱস্থিত। বুধবাৰে যমুনা নদীৰ জলপৃষ্ঠ ২০৭.৫৫ মিটাৰলৈ বৃদ্ধি পায়। ১৯৭৮ চনৰ বানপানীৰ সময়ত স্থাপন কৰা জলপৃষ্ঠৰ অভিলেখকো অতিক্ৰম কৰে। সেই সময়ত যমুনাৰ জলপৃষ্ঠ ২০৭.৪৯ মিটাৰলৈ বৃদ্ধি পাইছিল। অৱশ্যে এই জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পাব পাৰে বুলি প্ৰশাসনে আশংকা কৰিছে।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে দিল্লী আৰক্ষীয়ে বান প্ৰৱণ অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে। বৃহস্পতিবাৰে পুৱা ৭ বজালৈ যমুনাৰ জলপৃষ্ঠ ২০৮.৪১ মিটাৰলৈ বৃদ্ধি পাইছে। কেজৰিৱালে ৰাজধানীৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখিছে। হাথনিকুণ্ডা বান্ধৰ পৰা সৰ্বনিম্ন হাৰত পানী এৰি দিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ শেখাৱতকো হিমাচলৰ পৰা হাৰিয়ানালৈ পানী এৰাৰ পৰিমাণ হ্ৰাস কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
কেন্দ্ৰীয় জল শক্তিয়ে জনোৱা মতে, বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা হাথনিকুণ্ডা মথাউৰিৰ পৰা নিৰ্গত পানীৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস কৰা হ’ব। দিল্লীবাসীক নিগমবোধ শ্মশানৰ ফালে নাযাবলৈ কোৱা হৈছে। ৰাজধানীত উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে ১২টা দুৰ্যোগ সঁহাৰি বাহিনীৰ দল। যমুনাৰ জলপৃষ্ঠ বাঢ়ি অহাৰ লগে লগে নিম্নভূমি অঞ্চলবোৰত পানী উফন্দি উঠি চহৰখনত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। মঠ বজাৰ, কাশ্মীৰী গেট, ৰিং ৰোডত বাসিন্দাসকলৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰে। বাসিন্দাসকলক উদ্ধাৰ কৰাৰ কাম চলি আছে। ৰিং ৰোডত বালিৰ মোনা পেলাই অস্থায়ী মথাউৰি নিৰ্মাণৰ প্ৰয়াস কৰা হৈছে।