পুনৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে পাকিস্তানবাসীক। ভাৰতৰ চুবুৰীয়া দেশখনৰ অৰ্থনৈতিক অৱস্থা পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আকাশলংঘী হৈছে সামগ্ৰীৰ দাম। আটাইতকৈ বেছি প্ৰভাৱ পৰিছে খাদ্যৰ মূল্যৰ ওপৰত। পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে সাধাৰণ মানুহে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে আটা, ৰুটি আদি কিনিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে ৷
সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি, য’ত কিছুদিন আগলৈকে কৰাচীত এক কেজি আটা ২৩০ পাকিস্তানী টকাত উপলব্ধ আছিল, এতিয়া সেই আটা ৮০০ পাকিস্তানী টকালৈ বৃদ্ধি পাইছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ২৩৮ টকা। কেৱল সেয়াই নহয়, সেই চহৰত ২৫ টাকা (পাকিস্তানী মুদ্ৰা)ত বিক্ৰী হৈছে এখন ৰুটি।
পাকিস্তানী সংবাদ মাধ্যম “ডন”ৰ প্ৰতিবেদন অনুসৰি বৰ্তমান মূল্যবৃদ্ধিৰ সৈতে পাকিস্তানে “সংগ্ৰাম” কৰিবলগীয়া হৈছে ৷ যোৱা কেইমাহমানৰ পৰা সেই দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৩৮ শতাংশ হৈছে, যিটো দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্বাধিক। খাদ্যৰ মূল্য ৪৮ শতাংশ বৃদ্ধি পাইছে। পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ প্ৰতিবেদন অনুসৰি যোৱা এবছৰত সেই দেশত খাদ্য, বিদ্যুৎ আৰু ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ভয়ংকৰভাৱে বৃদ্ধি পাইছে। সেই প্ৰতিবেদন অনুসৰি পাকিস্তানৰ চহৰ অঞ্চলত বিলাহীৰ মূল্য ১৮৮ শতাংশ, পিয়াঁজৰ মূল্য ৮৪ শতাংশ, পাচলিৰ মূল্য ৫৫ শতাংশ, মছলাৰ মূল্য ৪৯ শতাংশ, চেনিৰ মূল্য ৩৭ শতাংশ আৰু আলুৰ মূল্য ৩৬ শতাংশ বৃদ্ধি পাইছে। ৩১৯ শতাংশ বৃদ্ধি পাইছে গেছৰ মূল্য। বিদ্যুতৰ মূল্য ৭৩ শতাংশ বৃদ্ধি পাইছে। চহৰ অঞ্চলৰ উপৰিও গ্ৰামাঞ্চলত সামগ্ৰীৰ দাম বহুগুণে বৃদ্ধি পাইছে।
কিন্তু পাকিস্তানৰ অৰ্থনীতিৰ এই অৱস্থা কিয়? কিয় মূল্যবৃদ্ধি পাকিস্তানৰ “ডিঙিৰ কাঁইট” হৈ পৰিছে? বিশেষজ্ঞসকলৰ মতে, পাকিস্তানৰ বৃহৎ ঋণৰ বোজা এই পৰিস্থিতিৰ বাবে বহুলাংশে দায়ী। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়েও পাকিস্তানক ঋণ প্ৰদানৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত আৰোপ কৰিছে। আই এম এফৰ চৰ্তসাপেক্ষতাৰ বাবে পাকিস্তান চৰকাৰে ৰাজসাহায্য দিয়া বন্ধ কৰি দিছে। ফলত সেই দেশত খাদ্যৰ পৰা আৰম্ভ কৰি মৌলিক প্ৰয়োজনলৈকে সকলো ব্যয়বহুল হৈ পৰিছে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ পাকিস্তানৰ এজন আগশাৰীৰ ৰাজনীতিবিদে নিজৰ দেশৰ দুৰৱস্থাৰ কথা কওঁতে ভাৰতৰ উদাহৰণ দাঙি ধৰিছে। শেহতীয়াকৈ পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাত জমিয়ত উলেমা-ই-ফজলৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে এক দীঘলীয়া ভাষণ প্ৰদান কৰে। কট্টৰপন্থী হিচাপে পৰিচিত এই নেতাজনে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰক আক্ৰমণ কৰি কয়, “আমাক ভাৰতৰ লগত তুলনা কৰক। আজি তেওঁলোকে (ভাৰত) ছুপাৰ পাৱাৰ হোৱাৰ সপোন দেখিছে। আৰু আমি দেউলীয়া হোৱাৰ পৰা ৰক্ষা পাবলৈ ভিক্ষা কৰি আছো।” অর্থনৈতিক সংকট আৰু মূল্যবৃদ্ধিৰে পাকিস্তান চৰকাৰক সমালোচনা কৰে তেওঁ ৷