কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ, ২০২৩-২৪ৰ খেলসমূহ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে৷ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই পূৱ গুৱাহাটী বিধানসভা সমষ্টি বনাম দিছপুৰ বিধানসভা সমষ্টিৰ ১৯ বছৰ উৰ্দ্ধৰ পুৰুষৰ ফুটবল খেলখনৰ শুভাৰম্ভ কৰি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ইয়াৰ পূৰ্বে জিলা আৰু প্ৰতিটো সমষ্টিৰ একোখনকৈ পতাকা উত্তোলন কৰা হয়৷
পতাকা উত্তোলনৰ পিছতে অনুষ্ঠিত উদ্বোধনী সভাত সাংসদ কুইন ওজা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, জিলা আয়ুক্ত সুমিত ছাত্তাৱান, অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকা, গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ৱাৰ্ডৰ পাৰিষদসকল, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা, শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ পূৱ গুৱাহাটী, দিছপুৰ আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ খেলুৱৈ সকলে পেৰেড কৰি উপস্থিত বিশিষ্ট ব্যক্তি আৰু দৰ্শকৰ অভিবাদন গ্ৰহণ কৰে৷ খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত কাবাদী, ভলীবল, ফুটবল, খো খো আৰু এথলেটিকছৰ বিভিন্ন শাখাত মুঠ ৬২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷
পল্টন বজাৰস্থিত ছাই খেলপথাৰত আজি এথলেটিকছ খেলসমূহ অনুষ্ঠিত হয়৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ১৯ বছৰ অনুৰ্দ্ধৰ ল’ৰাৰ ফুটবলত পূৱ গুৱাহাটী সমষ্টিৰ দলটো বিজয়ী হোৱাৰ বিপৰীতে ১৯ বছৰ অনুৰ্দ্ধৰ ছোৱালী আৰু ১৯ বছৰ উৰ্দ্ধৰ ল’ৰাৰ ফুটবলত পশ্চিম গুৱাহাটী সমষ্টিৰ দল দুটা বিজয়ী হোৱা বুলি জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাই জনাইছে৷ কাইলৈ গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত ভলীবল, নেহৰু ষ্টেডিয়ামত খো থো আৰু দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত কাবাদী খেল অনুষ্ঠিত হ’ব৷ বিয়লি দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷