গ্ৰীষ্মকাল এতিয়াও আৰম্ভ হোৱা নাই। বসন্তৰ বিনন্দীয়া পৰিৱেশ অব্যাহত আছে ৷ কিন্তু এতিয়াই আৰম্ভ হৈছে অসহ্যকৰ গৰম। এনে পৰিস্থিতিত শীতৰ প্ৰভাৱ থকা চহৰসমূহত পর্যটকৰ ভিৰ বাঢ়িছে ৷ দাৰ্জিলিং, ছিমলাৰ দৰে চহৰত হঠাৎ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। ইমানেই পর্যটকৰ সংখ্যা বাঢ়িছে যে সাধাৰণ হোটেল এখন পোৱাটোও কঠিন হৈ পৰিছে।
যোৱা দুদিনত হঠাৎ ছিমলাত বৃদ্ধি পাইছে যান-জঁট । হিমাচল প্ৰদেশ প্ৰশাসনে জনোৱা মতে, কেৱল দুদিনতে ৩০ হাজাৰ বাহন ছিমলাত প্ৰৱেশ কৰে। পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান-জঁটত আবদ্ধ হৈ আছে পর্যটক । কিন্তু প্ৰশাসনৰ ধাৰণাৰ বাবে অহা কেইদিনমানৰ ভিতৰত এই পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ’ব। ছিমলা আৰক্ষীৰ মতে, চহৰখনত ভিৰ হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই ৷ ইয়াৰ বিপৰীতে বুধবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত ভিৰ বৃদ্ধি পাব। প্ৰশাসনে ভাবে যে সেই দুদিনত ছিমলাত প্ৰৱেশ কৰা বাহনৰ সংখ্যা দৈনিক চাৰিৰ পৰা পাঁচ হাজাৰলৈ বৃদ্ধি পাব পাৰে।
হোটেলতো পৰ্যটকৰ ভিৰ। বেছিভাগ হোটেলতে ষ্ট’ৰেজৰ সুবিধা নাই। এজন পৰ্যটকে জনোৱা মতে, তেওঁলোক পুৱা ২ বজাত ছিমলা পালেগৈ। ইয়াৰ পিছত তেওঁ হোটেল বিচাৰি গৈ গোটেই ৰাতি কমেও ১০-১২ কিলোমিটাৰ খোজ কাঢ়ি গৈ হোটেল বিচাৰি নাপালে। অৱশেষত তেওঁলোকে চহৰৰ বাহিৰত এখন হোটেল পালে আৰু তেতিয়ালৈ পুৱা ৬ বাজিছিল। বেগ লৈ ঘূৰি ফুৰি তেওঁকলোক ভাগৰি পৰিছে।
দাৰ্জিলিঙৰ পৰিস্থিতিও একেধৰণৰ। তালৈ যোৱা লোকৰ সংখ্যাও হঠাৎ বৃদ্ধি পাইছে ৷ গৰম বাঢ়ি অহাৰ লগে লগে ভিৰ বাঢ়িছে দার্জিলিঙত । হিমালয়ান হস্পিটেলিটি এণ্ড টুৰিজিম ডেভেলপমেণ্ট নেটৱৰ্কৰ সম্পাদক সম্ৰাট ছানয়ালে কয়, “যোৱা বছৰ এই সময়ত পৰ্যটক অহা নাছিল। কিন্তু এইবাৰ অভিলেখ ভংগ হৈছে। ইতিমধ্যে ছিকিমৰ বিভিন্ন হোটেলত ৭০ৰ পৰা ৮০ শতাংশ বুকিং কৰা হৈছে।”