আণ্ডাৰৱর্ল্ড ডন ডাউদ ইব্ৰাহিমৰ সন্ধান দিওতাক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে নেচনেল ইনভেষ্টিগেচন এজেঞ্চী(নিয়া)-এ ৷ ডাউদৰ বিষয়ে তথ্য প্ৰদান কৰা ব্যক্তিক ২৫ লাখ টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে তেওঁৰ এখন নতুন ফটো মুকলি কৰিছে নিয়াই । নিয়াই ডাউদ ইব্ৰাহিমৰ সহযোগী ছোটা ছাকীলৰ সন্ধান দিওতালৈয়ো ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷ । তদুপৰি আনীছ ইব্ৰাহিম , জাভেড চিকনা আৰু টাইগাৰ মেমনৰ তথ্য প্ৰদান কৰিলেও ১৫ লাখকৈ টকা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৷ নিয়াই এক বিবৃতিত কোৱা হৈছে যে ডাউদ ইব্ৰাহিম আৰু আনসকলে “আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদ আৰু আল কায়দাৰ সৈতে সক্ৰিয় সহযোগিতাৰে কাম কৰি আছে।”
ভাৰতে যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনাইছিল যে ১৯৯৩ চনত মুম্বাই বোমা বিস্ফোৰণ সংঘটিত কৰা ডাউদ ইব্ৰাহিমে “অবিশ্বাস্যভাৱে” চুবুৰীয়া দেশ এখনত “পৃষ্ঠপোষকতা” লাভ কৰি আহিছে ৷ ইয়াৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ আহ্বান জনোৱা হৈছিল ৷
সোণ আৰু নকল মুদ্ৰা সৰবৰাহৰ সৈতে জড়িত ডি কোম্পানী নিশাটোৰ ভিতৰতে সন্ত্ৰাসবাদী সংগঠনত পৰিণত হৈছিল ৷ যেতিয়া ১৯৯৩ চনত মুম্বাই চহৰত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ সংঘটিত কৰিছিল ৷ এই আক্ৰমণৰ ফলত ২৫০ জনতকৈ অধিক নিৰীহ লোকৰ মৃত্যু হয় আৰু কোটি কোটি টকাৰ সম্পত্তিৰ ক্ষতি হৈছে ৷
১৯৯৩ চনত মুম্বাইত সংঘটিত হোৱা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল ডাউদ ইব্ৰাহিমে ৷ য’ত সমগ্ৰ চহৰখনৰ বিভিন্ন স্থানত ১২টা বোমা বিস্ফোৰণ হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন কমিটীয়ে বিশ্ব সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰা ডাউদ ইব্ৰাহিমে গ্ৰেপ্তাৰৰ পৰা হাত সাৰি পাকিস্তানত আশ্ৰয় গ্ৰহণ কৰি আহিছে ৷