পশ্চিম বংগত পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ ঘটনা ৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি পশ্চিম বংগৰ ২৪ পৰগনা জিলাৰ এহাল দম্পতীয়ে ৰিল বনাবলৈ আইফোন কিনিবৰ বাবেই বিক্ৰী কৰিলে নিজৰ ৯ মহীয়া সন্তানটিক ।
শিশুটিক বিক্ৰী কৰি কেৱল ৰিল বনাবৰ বাবেই আইফোন কিনিব বিচাৰিছিল মহিলাগৰাকীয়ে।
অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰাৰ লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰা হয় ।আৰক্ষীয়ে শিশুটিৰ মাতৃ আৰু শিশুটি ক্ৰয় কৰা মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে । আনহাতে এতিয়াও পলাতক শিশুটিৰ পিতৃ।
স্থানীয় ৰাইজে যোৱা কেইদিনমানৰ পৰা দম্পতীহালৰ আচৰণৰ পৰিৱৰ্তন দেখিবলৈ পাইছিল। লগতে এই কথাও লক্ষ্য কৰিছিল যে দম্পতীহালৰ ৮ মহীয়া সন্তানটোও সন্ধানহীন হৈ আছে। এই কাৰণেই চুবুৰীয়াই আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল। যেতিয়া আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিলে, তেতিয়াই সমগ্ৰ ঘটনা পোহৰলৈ আহে।
বৰ্তমান আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত । তথ্য অনুসৰি এগৰাকী সাত বছৰীয়া কন্যাও আছে উক্ত দম্পতীহালৰ।
২৪ জুলাইত চৰ্চালৈ আহিছিল এই বিষয়টো । অভিযুক্ত দম্পতীহাল জয়দেৱ ঘোষ আৰু তেওঁৰ পত্নী বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে শেহতীয়াকৈ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰিছে ।
এই ঘটনা সন্দৰ্ভত দম্পত্তীহালৰ এজন চুবুৰীয়াই কয় যে অভিযুক্ত দম্পতীয়ে তেওঁলোকৰ সন্তানক ২ লাখ টকাত বিক্ৰী কৰিছিল আৰু তাৰ পিছত সেই ধনেৰে তেওঁলোকে ওড়িশাৰ দিঘালৈ ফুৰিবলৈ গৈছিল আৰু লগতে ক্ৰয় কৰিছিল এটা মোবাইল ফোন।
ইয়াৰ উপৰিও এই ঘটনাৰ সৈতে জৰিত প্ৰিয়ংকা ঘোষ নামৰ আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, যাক দম্পতীহালে শিশুটি বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছিল ।