ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক ভাবুকি দিয়া এজন লোকক আজি মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আফজল নামৰ লোকজনে আজি পুৱা মুম্বাইৰ গিৰগাঁৱৰ ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত এটা লেণ্ডলাইন নম্বৰত তিনি-চাৰিবাৰ ফোন কৰি ভাবুকি প্ৰদান কৰিছিল বুলি বিষয়াসকলে জানিবলৈ দিছে ।আৰক্ষীয়ে ফোন নম্বৰৰ পৰা ভাবুকি প্ৰদান কৰা লোকজনক চিনাক্ত কৰে ৷
প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ফোনযোগে ভাবুকি প্ৰদান কৰা লোকজন মানসিকভাৱে অস্থিৰ। ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে ৷ তদুপৰি লোকজনক আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।
বিগত মাহত উচ্চতম ন্যায়ালয়ে এখন আবেদন খাৰিজ কৰি মুম্বাইত থকা মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নিৰাপত্তা ব্যৱস্থা অব্যাহত ৰাখিব পাৰিব বুলি ৰায় দিছিল। ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে আম্বানী পৰিয়ালক চৰকাৰী নিৰাপত্তা প্ৰদানৰ বিৰোধিতাৰে এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (পিআইএল) গ্ৰহণ কৰাৰ পিছতে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কেন্দ্ৰই সকলো তথ্য চালিজাৰি চাই প্ৰদান কৰা পৰামর্শৰ ভিত্তিত মহাৰাষ্ট্ৰ চৰকাৰে আম্বানী আৰু তেওঁৰ পৰিয়ালক নিৰাপত্তা দি আহিছে ৷ ইয়াৰ পূৰ্বে যোৱা বছৰ আম্বানীৰ ঘৰৰ ওচৰত বিস্ফোৰকসহ এখন পৰিত্যক্ত গাড়ী উদ্ধাৰ কৰা হৈছিল ৷