যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি দেশলৈ ওভতি আহিছে চিকিৎসা বিজ্ঞানত অধ্যয়নৰত হাজাৰ হাজাৰ শিক্ষার্থী ৷ আধাতে অধ্যয়ন সামৰি অহা এই শিক্ষার্থীসকলে নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে এই শিক্ষার্থীসকলৰ বাবে আছে এক সুখবৰ ৷ ক’ভিড মহামাৰী অথবা ইউক্ৰেইনৰ যুদ্ধৰ বাবে বিদেশ এৰি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীসকলে ভাৰততে সম্পূর্ণ কৰিব পাৰিব ইণ্টার্নশ্বীপ ৷ অৱশ্যে ইয়াৰ বাবে এক যোগ্যতামূলক পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব শিক্ষার্থীসকল ৷ এক বিজ্ঞপ্তিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এনএমচি) এই কথা সদৰী কৰিছে ৷ ফৰেইন মেডিকেল গ্ৰেজুৱেট পৰীক্ষা উত্তীর্ণ হ’লেই এই শিক্ষার্থীসকলে দেশত ইণ্টার্ণশ্বীপ কৰিব পাৰিব ৷
ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আইএমএ) কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়ালৈ এক পত্ৰৰ জৰিয়তে ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা মেডিকেল শিক্ষার্থীসকলক দেশৰ চিকিৎসা প্ৰতিষ্ঠানসমূহত নামভর্তিৰ বাবে সুযোগ দিবলৈ আহ্বান জনাইছিল