কেৱল একপক্ষীয় পদক্ষেপেৰে দেশত সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিবেশ সৃষ্টি নহ’ব। হিন্দু-মুছলমানৰ মাজত ঐক্যৰ পৰিৱেশ সৃষ্টি কৰিবলৈ হ’লে দুয়োপক্ষ সক্ৰিয় হ’ব লাগিব। আৰু সেই ক্ষেত্ৰত নিজৰ ‘জাতীয় পৰিচয়’ সন্মুখত ৰাখি আগবাঢ়িব লগিব বুলি মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ ৷মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘৰ মুখ্য কাৰ্যালয়ত আয়োজিত প্ৰশিক্ষণ পৰ্যায়ৰ সামৰণি অনুষ্ঠানত ভাগৱতে দাবী কৰে যে, “অতীতৰ কিছুমান উদাহৰণ আৰু অহংকাৰ হিন্দু-মুছলমান ঐক্যৰ পথত ডাঙৰ বাধা হিচাপে পৰিগণিত হৈ আহিছে ।”
যোৱা বছৰ সংঘৰ প্ৰতিষ্ঠা দিৱসত দশম দিনত আয়োজিত এখন সভাত ভাগৱতে কয় যে, ভাৰতৰ ‘তথাকথিত সংখ্যালঘু’সকলে হিন্দুসকলে সংগঠিত হোৱা বুলি ভয় কৰাৰ কোনো কাৰণ নাই ৷ সংঘৰ পৰা মুছলমানসকলৰ বাবে কোনো বিপদ অতীতত হোৱা নাই আৰু ভৱিষ্যতেও নহ’ব। ভাগৱতে ভাষণটোতেই জনসংখ্যা নীতিৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে এই নীতি সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰত সমানে প্ৰয়োগ কৰিব লাগে, যাতে ভাৰতৰ জনসংখ্যাৰ বিভিন্ন সম্প্ৰদায়ৰ অনুপাত অপৰিৱৰ্তিত হৈ থাকে। অন্যথা দেশৰ অখণ্ডতাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
সেই ‘ক্ষতি’ৰ উদাহৰণ দিওঁতে তেওঁ ভাৰত বিভাজনৰ পৰা আৰম্ভ কৰি ইষ্ট টিমৰ, দক্ষিণ চুডান, ক’ছ’ভ’ৰ দৰে ধৰ্মীয় ৰাষ্ট্ৰ গঠনৰ উদাহৰণো দাঙি ধৰিলে। ভাগৱতৰ ভাষণৰ পিছত অভিযোগ উত্থাপন হৈছিল যে তেওঁ এই বাৰ্তা দিব বিচাৰিছে যে ‘মুছলমান জনসংখ্যা বৃদ্ধি পাইছে, আৰু ই অবিচ্ছেদ্য ভাৰতৰ বাবে বিপজ্জনক’।
শুকুৰবাৰৰ ভাষণত অৱশ্যে ভাগৱতে দাবী কৰে যে ভাৰতত মুছলমানসকল বহু বছৰ ধৰি সুৰক্ষিত হৈ আছে। তেওঁৰ ভাষাত, “নিৰন্তৰ আলোচনাই দুয়োটা সম্প্ৰদায়ৰ মাজত থকা অনাস্থাৰ পৰিৱেশ আঁতৰাব পাৰে। ” তেওঁ লগতে ইংগিত দিয়ে যে সংঘই ভাৰতীয় মুছলমানক ‘বাহিৰৰ মানুহ’ বুলি গণ্য নকৰে। ভাগৱতৰ ভাষাত “বাহিৰৰ মানুহ আহিল। আমি তেওঁলোকৰ বিৰুদ্ধে যুঁজিলোঁ। এতিয়া বাহিৰৰ মানুহ নাই। যিসকল বাকী আছে , তেওঁলোক সকলো ভিতৰৰ মানুহ।“