২০২২ বৰ্ষৰ ৮ ছেপ্টেম্বৰত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুটা আন্তঃৰাজ্যিক পৰ্যায়ৰ চোৰাং বন্যপ্রাণী সৰবৰাহকাৰী চক্ৰক আটক কৰাৰ লগতে ৫০টাৰো আধিক বন্যপ্রাণী উদ্ধাৰ কৰিছিল । এই কাৰ্য্যৰ বাবে গুৱাহাটীৰ সৰুমটৰীয়াত আয়োজন কৰা এক অনুষ্ঠানত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰমল্ল পাটোৱাৰীক সন্মানীত কৰে বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে । ৬৮ সংখ্যক বন্যপ্রাণী সপ্তাহৰ লগত সংগতি ৰাখি অসমৰ বন বিভাগে সৰুমটৰীয়াৰ নেডফি প্ৰেক্ষাগৃহত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক এখন অভিনন্দন পত্ৰ ও প্ৰদান কৰে । ইয়াৰ পূৰ্বে একেটা কাৰণতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি. সিঙেও আৰক্ষী বিষয়াগৰাকীক ২ লাখ টকাৰে পুৰস্কৃত কৰিছিল ।