বঙাইগাঁও, ২৭ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি অৱশেষত গঠন হল বঙাইগাঁও চিনে ক্লাব। জনপ্ৰিয় যুৱ নাট্যকৰ্মী শংকৰ সৰকাৰ আৰু সাংবাদিক কল্লোল দেৱ শৰ্মা আৰু যুৱ সমাজকৰ্মী ঋতুপৰ্ণ চক্ৰৱৰ্তীৰ উদ্যোগত দেওবাৰে বিয়লি বৰপাৰাৰ হোটেল লোকেল ইটাৰীত বহু চলচ্চিত্ৰ প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত বঙাইগাঁও চিনে ক্লাব গঠন কৰা হয়।
চিনে ক্লাবৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ ধৈৰ্য্য নাথ চৌধুৰীক সভাপতি আৰু সঞ্জীৱ বৰুৱাক ক্লাৱৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। সভাত উপস্থিত সকলে বঙাইগাঁও চিনে ক্লাবৰ উদ্যোগত বৃহত্তৰ বঙাইগাঁওক সামৰি নিয়মীয়া ভাবে বিশ্ব মানদণ্ডৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত ৰাইজৰ হৈ নিতুমণি সিংহ, উত্তম বৰ্মন, প্ৰাঞ্জল চৌধুৰী আৰু ভাস্কৰ সিংহই ছাত্র-ছাত্ৰী আৰু যুৱ প্ৰজন্মক বিশ্ব চলচ্চিত্ৰৰ সৈতে চিনাকি কৰি দিবলৈ বঙাইগাঁও চিনে ক্লাবক সভাত বিশেষ ভাবে আহ্বান জনায়।