অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰীত আৰক্ষীৰ জালত পৰিছে প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙ ৷ আজি জেৰাৰ অন্তত তেওঁক এছআইটিয়ে গ্ৰেপ্তাৰ কৰে ৷ ৰাকেশ পালৰ কাৰ্যকালত এপিএছচিৰৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল সিং । শনিবাৰে নিশা শিলচৰৰ পৰা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শিলচৰৰ পৰা আানি এছআইটিয়ে তেওঁক দেওবাৰে চিআইডি কার্যালয়ত জেৰা কৰা হয় ৷ অৱশ্যে নিশাৰ ভাগলৈ তেওঁক যাবলৈ দিয়া হয় ৷ আজি পুনৰ পুৱাৰে পুৰা তেওঁক জেৰা কৰে এছঅইটিয়ে ৷ ইয়াৰ পাছতে দুপৰীয়াৰ ভাগত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পূৰ্বে ২০২২ৰ আগষ্ট মাহত বিপ্লৱ শৰ্মা আয়োগে নন্দবাবুক জেৰা কৰিছিল।
ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ৰ মাৰ্চৰ পৰা ২০১৫ চনৰ জুলাই মাহলৈ নন্দবাবু আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল। তেওঁৰ বিৰুদ্ধে ৪৯ হাজাৰ পৰীক্ষা বহী জ্বলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, নন্দবাবুৱে ২০১৪ চনৰ প্ৰাৰম্ভিক পৰীক্ষাৰ অ’এমআৰ শ্বীট জ্বলাই দিছিল। নন্দবাবু সিং ৰাকেশ পালৰ সোঁহাত স্বৰূপ আছিল। কিন্তু কোনো ৰহস্যজনক কাৰণত পূৰ্বৰ আৰক্ষীৰ তদন্তত নন্দবাবু সিং গ্ৰেপ্তাৰ হোৱা নাছিল ৷
মন কৰিবলগীয়া যে, ২০১৪ চনৰ ১৫ মে’ত নন্দবাবু সিঙে চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰত তেওঁ কন্যা মিনাৰ্ভা দেৱীৰ এপিএছচি পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে চাকৰিৰ পৰা অব্যাহতি বিচাৰিছিল। ১৬ মে’ত চৰকাৰে নন্দবাবু সিঙক অব্যাহতি দিছিল। তেওঁৰ কন্যা মিনাৰ্ভা দেৱী আৰাৱামে ২০১৪ চনত চাকৰি লাভ কৰিছিল। বৰ্তমান মিনাৰ্ভা দেৱী কৰিমগঞ্জৰ এডিচি হিচাপে কৰ্মৰত। মিনার্ভাকো জেৰাৰ বাবে তলৱ কৰিছে এছআইটিয়ে ৷
তদুপৰি আজি দুই নিলম্বিত এচিএছ বিষয়া দীপাংকৰ দত্ত লহকৰ আৰু ধীৰাজ জৈনকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷