পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশক মছজিদৰ বাহিৰত গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি খাৰাণ অঞ্চলৰ মছজিদৰ বাহিৰত আক্ৰমণকাৰীয়ে মহম্মদ নুৰ মেস্কানজাইৰ ওপৰত গুলীচালনা কৰে ৷ যাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷
নিৰ্ভীক ন্যায়াধীশগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি বেলুচিস্তানৰ মুখ্যমন্ত্ৰী মিৰ আব্দুল কুদুছ বিজেনজোৱে কয় যে তেওঁৰ সেৱা “অবিস্মৰণীয়”।বিজেনজোৱে কয় – “শান্তিৰ শত্ৰুসকলৰ কাপুৰুষ আক্ৰমণে জাতিটোক ভয় খুৱাব নোৱাৰে”। মাস্কানজাইয়ে শ্বৰীয়তৰ বিৰুদ্ধে ৰিবা ভিত্তিক বেংকিং ব্যৱস্থা ঘোষণা কৰা ঐতিহাসিক ৰায়দান কৰিছিল ৷
কুৱেটা বাৰ এছ’চিয়েশ্যনৰ সভাপতি আজমল খান কাকাৰেও মুস্কানজাইৰ হত্যাকাণ্ডক গৰিহণা দিয়ে। তেওঁ কয় যে প্ৰাক্তন ন্যায়াধীশগৰাকীৰ মৃত্যুত পাকিস্তানৰ প্ৰতিজন নাগৰিকে গভীৰ শোক প্ৰকাশ কৰিছে।
চলিত মাহৰ আৰম্ভণিতে পাকিস্তানৰ আইন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ছাহাদত হুছেইনে স্বীকাৰ কৰিছিল যে সন্ত্ৰাসবাদী কাৰ্যকলাপ তীব্ৰভাৱে বৃদ্ধি পাইছে। নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ দিশটোলৈ আঙুলিয়াই দি তেওঁ কয় যে এই বছৰ পাকিস্তানত সৰ্বাধিক সন্ত্ৰাসবাদমূলক ঘটনা সংঘটিত হৈছে ছেপ্টেম্বৰ মাহত।
পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড ছিকিউৰিটি ষ্টাডিজ (পিআইচিএছএছ)ৰ উদ্ধৃতি দি ড’নে পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ আগষ্টৰ তুলনাত ছেপ্টেম্বৰ মাহত সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। আগষ্টৰ তুলনাত ছেপ্টেম্বৰ মাহত ৪২টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে আৰু ইয়াৰ পৰিমাণ ৩৫ শতাংশ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ আগষ্ট মাহত সমগ্ৰ পাকিস্তানত উগ্ৰপন্থীয়ে ৩১টা আক্ৰমণ সংঘটিত কৰিছিল, য’ত ৩৭ জন লোক নিহত হোৱাৰ লগতে ৫৫ জন আহত হৈছিল।