কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ নেতা অশ্বনী কুমাৰে ৷ চাৰি দশকতকৈও অধিক সময় কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ থকা কুমাৰে পদত্যাগ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলৰ মজিয়াত ৷ ২০০৯ ৰ পৰা ২০১৪ চনলৈ তেওঁ মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কার্যকালত আইন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি আনুষ্ঠানিকভাৱে দলত্যাগৰ কথা প্ৰকাশ কৰে ৷
ড০ কুমাৰে দলত্যাগৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত কয় যে কংগ্ৰেছৰ “আভ্যন্তৰীণ প্ৰক্ৰিয়া”ই ব্যক্তিগতভাৱে নেতাসকলক অসন্তুষ্ট কৰিছে। তেওঁ এইবুলিও কয়, “ভোটৰ হাৰ- জনসাধাৰণৰ সমৰ্থন হ্ৰাস পোৱা কার্যই এইটো স্পষ্টভাৱে প্ৰমাণ কৰিছে যে দলটোৱে দেশবাসীৰ চিন্তাধাৰাৰ সৈতে একাত্ম হৈ কাম কৰিব পৰা নাই ৷ কংগ্ৰেছ দলে ইয়াৰ ভৱিষ্যত নেতৃত্বৰ বাবে জনসাধাৰণৰ আগত উপস্থাপন কৰা বিকল্প নেতাৰ পক্ষত জনসাধাৰণে সমর্থন জনোৱা নাই ৷ “২০১৪ চনত কংগ্ৰেছে ক্ষমতা হেৰুওৱাৰ পিছত দল ত্যাগ কৰা ড০ কুমাৰ হৈছে প্ৰথম গৰাকী জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী। তেওঁক কংগ্ৰেছ দল আৰু গান্ধী পৰিয়ালৰ একান্ত অনুগতসকলৰ ভিতৰৰ এজন বুলি গণ্য কৰা হৈছিল।