মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰৰ পৰা শুকুৰবাৰে মুকলি আকাশৰ তললৈ ওলাই আহে শ্বীনা বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত ইন্দ্ৰাণী মুখার্জী ৷ কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ছয় বছৰতকৈও অধিক সময়ৰ পাছত তেওঁৰ জামিন মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ । কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এই গোচৰৰ বিষয়ে ক’বলৈ অস্বীকাৰ কৰে তেওঁ ৷ আনহাতে কাৰাগাৰত থকাৰ সময়ছোৱাত তেওঁৰ কন্যা এতিয়াও জীয়াই আছে বুলি চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছিল ৷ সঁচাকৈয়ে তেওঁৰ কন্যা জীয়াই আছেনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় – “এতিয়া মই এই গোচৰটোৰ কথা ক’ব নোৱাৰো। যিহেতু বিষয়টো আদালতৰ বিচৰাধীন হৈ আছে ৷ মই ভাবো মই এতিয়া জীৱনটোক বেলেগ লেন্সৰ পৰা চাবলৈ আৰম্ভ কৰিছো । মই সকলো স্তৰৰ মানুহক লগ পাইছো। ই এক যাত্ৰা হৈ পৰিছে। মই শিকিছো। মই ঘৰলৈ যাম। মোৰ কোনো পৰিকল্পনা নাই। মাত্ৰ ঘৰলৈ যাব বিচাৰিছো।”
২০১৫ চনৰ ছেপ্টেম্বৰ মাহত গোচৰটো কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)লৈ হস্তান্তৰ কৰা হৈছিল। ২০১৫ চনৰ নৱেম্বৰ মাহত চিবিআইয়ে পিটাৰ মুখার্জীক এই ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰা ইন্দ্ৰাণীও কাৰাগাৰাত আছিল ৷ কাৰাগাৰাত থকাৰ সময়তে শ্বীনা বৰা জীয়াই আছে বুলি অভিযোগ উত্থাপন কৰিছিল ইন্দ্ৰাণীয়ে ৷ জম্মু কাশ্মীৰত শ্বীনাক এগৰাকী কয়দীয়ে দেখা পোৱা বুলি তেওঁ অভিযোগ কৰাৰ লগতে চি বি আইৰ আদালতত গোচৰো দিছিল ৷