প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ঘৰতে এইবাৰ বোৱাৰী নির্যাতনৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বর্ষীয়ান কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বোৱাৰীয়ে আনিছে নিৰ্যাতনৰ এই গুৰুতৰ অভিযোগ। এই ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে বিয়লি প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ঘৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি নীলমণি সেন ডেকাৰ বৰপুত্ৰ ৰাজৰ্ষিসেন ডেকাই শাৰিৰীক-মানসিক নির্যাতন কৰি আহিছে পত্নীক ৷
২০২২ চনৰ ৯ মাৰ্চত প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাৰ পুত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ভুক্তভোগী মহিলাগৰাকী। কিন্তু অকথ্য নির্যাতনৰ বলি হৈ যোৱা এপ্ৰিল মাহতে স্বামীগৃহ ত্যাগ কৰে ভুক্তভোগী মহিলা গৰাকীয়ে । সাত মাহৰ পিছত পিতৃ-মাতৃয়ে শুকুৰবাৰে স্বামীগৃহত থবলৈ আহিছিল কন্যাক। ইয়াৰ বিপৰীতে বোৱাৰীৰ লগতে তেওঁৰ পিতৃ-মাতৃকো ঘৰত প্ৰৱেশত বাধা দিয়ে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পৰিয়ালে ৷ ইয়াক লৈ নিশা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ভঙাগড়স্থিত বাসগৃহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
ভুক্তভোগী মহিলাগৰাকীয়ে সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি বিয়াৰ এমাহৰ পিছৰে পৰা ৰাজর্ষি সেনডেকাই তেওঁক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিছে । যৌতুক বিচাৰি এনে নির্যাতন চলোৱাৰো তেওঁ অভিযোগ কৰে স্বামীৰ লগতে শাহুৱেকেও অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে ৷
অৱশ্যে বোৱাৰীয়েকৰ অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰিছে নীলমণিসেন ডেকাৰ পৰিয়ালে । তেওঁলোকে প্ৰকাশ কৰা অনুসৰি, নীলমণিসেন ডেকা অসুস্থ হোৱাৰ সময়ত ঘৰলৈ গুছি গৈছিল বোৱাৰী। চেন্নাইলৈ চিকিৎসাৰ বাবে গৈছিল নীলমণিসেন ডেকা ৷ তেতিয়াৰ পৰা বোৱাৰী ওভতি অহা নাই ঘৰলৈ ৷ যৌতুক কোনো কাৰণত বিচৰা নাই আনকি বিয়াৰ সময়তো কোনো যৌতুক দিয়া নাই বুলি নীলমণি সেনডেকাৰ পৰিয়ালে প্ৰকাশ কৰিছে ৷
ইপিনে ভুক্তভোগী মহিলা গৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ স্বামী ৰাজৰ্ষিসেন ডেকা পূৰ্বতেও এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ হৈছিল ৷ যিটো কথা তেওঁ বিবাহৰ ৬ মাহ পিছতহে জানিব পাৰিছিল।
উল্লেখ্য যে ৰাজর্ষি সেন ডেকা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীতো অভিযুক্ত ৷ এই গোচৰত ৰাজর্ষিয়ে জেলৰ ভাতো খাইছিল ৷