ৰাজ্যত আৰম্ভ হোৱা ‘বিকাশ যাত্ৰা’ৰ অংশ হিচাপে আজি পি এম ডিভাইন আঁচনিৰ অধীনত ৬.০৫, ৯.৭৭, আৰু ৮.৮৭ কোটি টকা ব্যয় সাপেক্ষে গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন বিদ্যালয় ভৱনসমূহৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয় ৷ মন্ত্ৰী অতুল বৰাই এই আধাৰশিলা স্থাপন কৰে ৷গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাৰপৰাই আন কেইবাখনো বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়।
উদ্বোধনী ভাষণত মন্ত্ৰী গৰাকীয়ে কয় –“এই ভৱনসমূহে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকল তথা শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ লগতে মানৱ সম্পদ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী। ভৱনসমূহৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনালোঁ।“
আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানটিত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্ত সুমিত সত্তাৱান উপস্থিত থকাৰ লগতে আটাইকেইখন বিদ্যালয়ৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰী, বিভিন্ন দায়িত্বত থকা প্ৰশাসনিক বিষয়াসকল, বিদ্যালয়কেইখনৰ অধ্যক্ষসকল, বিদ্যালয় পৰিচালনা সমিতিসমূহৰ সভাপতি সমন্বিতে অন্যান্য সদস্যসকল, শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।