এ পি এছ চিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত অভিযুক্ত চাৰি ৰাজপত্রিত বিষয়াসহ মুঠ ১৫ জন ৰাজপত্ৰিত বিষয়াক আজি চৰকাৰে নিলম্বন কৰিছে । এচিএচ বিষয়া আকাশী দুৱৰা, এচিএচ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, এচিএচ বিষয়া ধীৰাজ কুমাৰ জৈন আৰু এচিএচ বিষয়া হিতেশ মজুমদাৰক নিলম্বন কৰা হৈছে ৷ ৩০ নবেম্বৰত এক বিশেষ নিৰ্দেশনাযোগে তেওঁলোকক নিলম্বন কৰা হয় ।
তদুপৰি আন ১১ জন ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰা হৈছে ৷ নিলম্বিত বিষয়া কেইজন হৈছে ৰুমিৰ তিমুংপি, নিতুমণি দাস,দীপাংকৰ দত্ত লহকৰ,নীলাঞ্জল গগৈ, নন্দিনী কাকতি, অনলজ্যোতি দাস,শ্বাহজাহান সৰকাৰ, ঐশ্বর্য জীৱন বৰুৱা ,কুলপ্ৰদীপ ভট্টাচার্য,কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ ৷
উল্লেখ্য যে, এচিএচ বিষয়া ধীৰাজ কুমাৰ জৈন আৰু এপিএছ সুকন্যা দাসক শুকুৰবাৰে তলব কৰিব এছআইটিয়ে ।অৱশ্যে সুকন্যা দাস আজি ব্যক্তিগত কাৰণত এছআইটিৰ ওচৰত হাজিৰ নহয় বুলি জানিব পৰা গৈছে ৷ উক্ত বিষয়াসকলৰ বিৰুদ্ধে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত বিষয়া কেইগৰাকীক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ প্ৰতিবেদনৰ পাছত অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছিল ৷
ইতিপূৰ্বেই এডিচি আকাশী দুৱৰাক এছআইটিয়ে জেৰা কৰিছে ৷ জেৰাত আকাশী দুৱৰাৰ পৰা ইতিমধ্যে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে এছআইটি । প্ৰাপ্ত তথ্য অনুসৰি, হিতেশ মজুমদাৰ আৰু ধ্ৰুৱজ্যোতি জৈনকো তলব কৰিছে এছঅইটিয়ে ৷