অসমবাসীৰ বাবে এক সুখবৰ । ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰাপত্তা ৰক্ষাৰ দায়িত্বত এইবাৰ স্থান পাইছে অসমৰ চাৰিগৰাকী যুৱতীয়ে ৷ যি বাতৰিয়ে নিশ্চয়কৈ অসমবাসীৰ মনত আনন্দৰ বন্য বোঁৱাবলৈ সক্ষম হৈছে ৷
দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰিছে অসমৰ চাৰিগৰাকী যুৱতীয়ে । দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়নৰ পৰা বাছনি কৰি উলিওৱা নিৰাপত্তাৰ বিশেষ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ এই চাৰিগৰাকী যুৱতী । যুৱতীকেইগৰাকী হ’ল ধেমাজিৰ ইৰানী চুতীয়া, হেপী বুঢ়াগোঁহাই , শিৱসাগৰৰ কল্পনা দাস আৰু গুৱাহাটী সোণাপুৰৰ জ্যোতি বৰা ।
এই বাতৰি লাভ কৰাৰ পিছতে সামাজিক মাধ্যমযোগেও অসমৰ গৌৰৱ চাৰিওগৰাকী বীৰাংগনালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে উৎফুল্লিত অসমবাসীয়ে ।