উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত চাৰি গৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিষয়টোক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ, প্ৰাৰ্থীত্ব বঞ্চিতৰ ক্ষোভ আৰু দলীয় কাৰ্যকৰ্তাৰ অসন্তুষ্টিৰ সন্মুখীন হ’বলগীয়া হোৱাত বিপদত পৰিব বুলি আশাংকা কৰাৰ সময়তে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত ৪ জনকৈ বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। এইসকলৰ ভিতৰত আছে ১০ নং মাইবং (পশ্চিম) পৰিষদীয় সমষ্টিত মোহিত হোজাই, ১২ নং ৱাজাও পৰিষদীয় সমষ্টিত বিশ্বজিৎ দাওলাগুপু, ২৩ নং হাৰাংগাজাও সমষ্টিত অমেন্দু হোজাই আৰু ২৪ নং হামৰি সমষ্টিত মনজিৎ নাইডিং।
লক্ষণীয় যে টিকট প্ৰদান লৈ এইবাৰ বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ বহুসংখ্যক প্ৰর্থীত্ব প্ৰত্যাশী টিকটৰ পৰা বঞ্চিত হৈছিল ৷ যাক লৈ বিদ্ৰোহৰ উকমুকনি ঘটিছিল ৷ মাইবং (পশ্চিম) পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাক্ষি আছিল বিজেপি নেতা তথা পূৰ্বৰ ই এম বিজিত লাংথাছা। কিন্তু এইবাৰ দলে তেওঁক টিকট প্ৰদান নকৰাত বিজেপি ত্যাগ কৰি নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছিল। এই সমষ্টিতে মোহিতে হোজাইয়ে বিজেপিৰ হৈ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। এই মোহিত হোজায়েই আকৌ ইয়াৰ পূৰ্বৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে একেটা সমষ্টিতে বিজিত লাংথাছাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল।
ৱাজাও সমষ্টিতো বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈছিল বিজেপিৰ নেতা। এই সমষ্টিতে বিজেপিয়ে এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বিশ্বজিৎ দাওলাগুপু ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু দলীয় কাৰ্যকৰ্তাৰ অসন্তুষ্টিৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হয় ৷
মন কৰিবলগীয়া, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ দাবীৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দাবী জনাইছিল প্ৰদেশ কংগ্ৰেছে ৷সংবাদ মেলত কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে ড় কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰাৰ্থীৰ পৰিয়ালৰ লোক, প’লিং এজেণ্ট আদিক ফোন যোগে ভাবুকি দিয়া হৈছে বুলি অভিযোগ কৰিছিল ৷
এই সংবাদ মেলতে জ্যেষ্ঠ কংগ্ৰেছ নেতা নিৰ্মল লাংথাচা আৰু জয়ৰাম ইংলেঙে ডিমা হাছাওৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশৰ বিষয়ে উল্লেখ কৰি কয় যে, বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছৰ একাংশ প্ৰাৰ্থী নিখোজ হৈ আছে ৷ বিশেষকৈ হামৰি, ৱেষ্ট মাইবং আৰু হাজাদিচা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তিনিগৰাকী যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷ কেৱল কংগ্ৰেছেই নহয় নিৰ্দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছে।