অষ্ট্ৰেলিয়াত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ এটা ‘জাম্পিং কেচল’ বতাহে উৰুৱাই লৈ যোৱাত চাৰিটি শিশু নিহত হয় ৷ এই ঘটনাত আন কেইবাজনো লোক আহত হয় ৷ এই ঘটনা সংঘটিত হৈছে তাছমানিয়াৰ হিলখ্ৰী্ষ্ট প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়খনৰ বার্ষিক উৎসৱ উদযাপনৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ পুৱা প্ৰায় ১০ বজাত বিদ্যালয়খনৰ শিক্ষার্থীসকলে চৌহদত বিভিন্ন খেলা ধূলাত অংশ লৈছিল ৷ ইয়াৰ মাজতে একাংশ শিশুৱে জাম্পিং কেচলত উঠি আনন্দ উপভোগ কৰিছিল ৷ সেই সময়তে অহা এজাক প্ৰচণ্ড বতাহে উৰুৱাই লৈ যায় জাম্পিং কেচলটো ৷ লগে লগে শিশুসহ জাম্পিং কেচলটো ১০ ফুট তললৈ পৰি যায় ৷ এই ঘটনাত চাৰিটি শিশু থিতাতে নিহত হয় ৷ পৰৱর্তী সময়ত শিশুসকলক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় ৷ এই ঘটনাই সমগ্ৰ অষ্ট্ৰেলিয়াতে শোকৰ ছাঁ পেলাইছে ৷ অৱশ্যে এতিয়ালৈ কিদৰে জাম্পিং কেচলটো উৰি গ’ল, সেই সন্দর্ভত সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই ৷