যোৱা ৭অক্টোবৰ তাৰিখে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলং পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী আৰু মূখ্য মন্ত্রীৰ।
শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত লোকসেৱা আয়োগৰ ৱেব প’ৰ্টেল মুকলি কৰি কেন্দ্রীয় বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৪লেনৰ দলং খনৰ নিৰ্মাণ কাৰ্য্য অতি সোনকালেই আৰম্ভ হ’ব। কামৰূপ জিলাৰ পলাশবাৰী আৰু শুৱালকুছিক সংযোগ কৰিব খোজা এই দলং খনৰ নিৰ্মাণৰ ব্যয় হ’ব ৩০৯৪কোটি টকা।
মন্ত্রী গৰাকীৰ মতে এই দলঙে গুৱাহাটী আৰু বৰঝাৰ বিমান বন্দৰৰ সৈতে বস্ত্ৰ নগৰী শুৱালকুছি আৰু আমিনগাঁৱৰ উদ্যোগিক পামকো পোনপটীয়া কৈ সংযোগ কৰিব। দৈনিক গুৱাহাটীলৈ অহা যোৱা কৰা নলবাৰী বৰপেটা আদি ঠাইৰ লোকৰ বাবে যাতায়ত ব্যৱস্থা সূচল কৰিব উক্ত দলংখনে । ইতিমধ্যে দলংখন নিৰ্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে। তেওঁৰ মতে দলংখনৰ নিৰ্মাণে বহু পৰিমাণে গৰাখহনীয়াও ৰোধ কৰিব।
সীতাৰমণে কয় যে অসমত বিভিন্ন বহুপাক্ষিক প্ৰকল্পৰ পৰিকল্পনা আৰু কাৰ্য্যকৰণ ইতিমধ্যেই হোৱা দেখা পোৱা গৈছে। ২০২১-২২বৰ্ষৰ বাজেটত কেন্দ্রীয় চৰকাৰে আন্তঃগাঠনি প্ৰকল্পৰ বাবে ৩৪% পুঁজি আবন্টন কৰিছে।
কেন্দ্ৰীয় মন্ত্রী গৰাকীৰ পিছতেই অনুষ্ঠানত মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে সকলোৰে বাবে এই দিনটো এটা বিশেষ দিন হিচাপে পৰিগণিত হ’ব।
অসম লোকসেৱা অধিকাৰ ৱেব প’ৰ্টেল মুকলিৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নূন্যতম চৰকাৰ অধিকতম প্ৰশাসনৰ লক্ষ্যক বাস্তবায়িত কৰাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব। এই ৱেব প’ৰ্টেলে বৈদ্যুতিন মাধ্যমেৰে জনসাধাৰণক প্ৰদান কৰিব অধিসূচীত ৰাজহুৱা সেৱা আৰু ই সকলোৰে উন্নয়নক সাঙুৰি ল’ব পাৰিব ।
মূখমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে নিউ ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহাৰ্য্যৰে নিৰ্মাণ কাৰ্য্য চলি থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ছয়লেনৰ দলং খনৰ দৈৰ্ঘ্য হ’ব ৮.৪কিল’মিটাৰ ।। এইখনেই হ’ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এনেধৰণৰ প্ৰথমখন দলং। ২৬০৮কোটি টকাৰ ব্যয়েৰে ৰাজ্যিক লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰি আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯চনৰ ৯ফ্ৰেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা এই দলং ২০১৩চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।