ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে ৰেল লাইন। ফলত উত্তৰ-পূর্বাঞ্চলৰ এক বৃহৎ অংশ ভাৰতৰ বাকী অংশৰ সৈতে ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছে। বহু ঠাইত মাটি ঢিলা হোৱাৰ বাবে পাহাৰীয়া অঞ্চলত ৰে’ল চলোৱাৰ ৰিস্ক লোৱা নাই ৰে’ল কৰ্তৃপক্ষই।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তথ্য অনুসৰি উজনি অসমৰ লামডিং সংমণ্ডলৰ কমেও দহটা ঠাইত ৰে’ল লাইন পানীত বুৰ গৈছে৷ ফলত উজনি অসম, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম ভাৰতৰ বাকী অংশৰ পৰা ৰেল যোগাযোগ বিছিন্ন হৈ পৰিছে।
মঙলবাৰৰ পৰা উজনি অসম, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰাম অভিমুখী কেইবাখনো যাত্ৰীবাহী ৰে’ল, মালবাহী ৰে’ল বাতিল কৰা হৈছে। ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যাহত হৈ পৰে। ইতিমধ্যে ইন্ধনৰ সংকটে দেখা দিছে । শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে বুলি ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। কিন্তু বৰষুণ বন্ধ নহ’লে পৰিস্থিতি স্বাভাৱিক নহ’ব বুলি ধাৰণা কৰা হৈছে। বংগোপসাগৰত উৎপন্ন হোৱা ৰেমালে যোৱা দেওবাৰে নিশা উত্তৰ পূবত খুন্দা মাৰে। যাৰ প্ৰভাৱত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে ।