কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ডিমৰীয়া আৰু কেন্দ্ৰীয় গুৱাহাটী বিধানসভা সমষ্টিৰ মুঠ চাৰিটা ভোটকেন্দ্ৰ ভোটাৰৰ সুবিধাৰ্থে আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ অনুমোদনমৰ্মে নতুন স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ জিলা নিৰ্বাচন বিষয়া সুমিত ছাত্তাৱানে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই বিষয়ে সদৰি কৰে৷ সেই অনুসৰি ডিমৰীয়া বিধানসভা সমষ্টিৰ জনতা হিন্দী প্ৰাথমিক বিদ্যালয়ত থকা ভোটকেন্দ্ৰটো আদৰ্শ ৰাষ্ট্ৰভাষা হিন্দী প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে৷ কেন্দ্ৰীয় গুৱাহাটী বিধানসভা সমষ্টিৰ লোকপ্ৰিয় বৰদলৈ বিদ্যালয় এম ই স্কুলত থকা কেন্দ্ৰটো অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰু উত্তৰ পূৰ্বাঞ্চল ন্যায়িক বিষয়াৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত থকা কেন্দ্ৰ দুটা উলুবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে৷ ইয়াৰ উপৰি জিলা নিৰ্বাচন বিষয়াই জনাই যে, যোৱা ২৭ জানুৱাৰীত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ জিলা সমিতিৰ প্ৰতিনিধিৰে হোৱা আলোচনা অনুসৰি খচৰা ভোটাৰ তালিকাত থকা ৩৪টা ভোটকেন্দ্ৰৰ নাম/খণ্ডৰ সামান্য সংশোধন কৰা হৈছে৷