অন্ধ্ৰ প্ৰদেশৰ নন্দিয়াল আৰু কুৰ্ণুল জিলাৰ সীমান্তৰ এটা অঞ্চলত চাৰিটা বাঘৰ পোৱালিয়ে আশ্ৰয় লোৱাৰ পাছতে হাহাকাৰ লাগিছে স্থানীয় বাসিন্দা আৰু বন বিভাগৰ মাজত ৷ কিয়নো পোৱালি কেইটাৰ মাতৃক এতিয়াও বিচাৰি পোৱা নাই ৷ কিন্তু তিনিদিন ধৰি চাৰিওফালৰ হাবি আৰু খেতি নকৰা অঞ্চলসমূহত বিচাৰি ফুৰাৰ পিছতো পোৱালিকেইটাৰ মাতৃক বিচাৰি পোৱা নাই ৷
অন্ধ্ৰ প্ৰদেশ বন বিভাগে জনোৱা মতে, পোৱালি কেইটাৰ বয়স মাত্ৰ কেইমাহমানহে। প্ৰায় ৩০০ বনকৰ্মী, বন বিষয়া আৰু বন্যপ্ৰাণী বিশেষজ্ঞক পোৱালিকেইটাৰ মাতৃক বিচাৰিবলৈ নিয়োগ কৰা হৈছে। ট্ৰেপ কেমেৰা স্থাপন কৰা হৈছে। ড্ৰোনৰ সহায়ত অনুসন্ধান কৰা হৈছে !
এজন বন বিষয়াই কয়, “সৰুতে বাঘৰ পোৱালিবোৰ হেৰাই গ’লে প্ৰকৃতিৰ ওচৰলৈ ঘূৰাই আনিব নোৱাৰি। বাকী জীৱন চিৰিয়াখানাত কটাব লাগিব । কাৰণ বাঘৰ পোৱালিয়ে মাকৰ পৰা লাহে লাহে চিকাৰ ধৰাৰ কৌশল শিকে। লগতে এই পোৱালিবোৰ অতি সৰু। এই বয়সত যদি সিহঁতে মাকক ঘূৰাই নাপায়, তেন্তে সিহঁতে হাবিত জীয়াই থাকিব নোৱাৰিব।“
অন্ধ্ৰ প্ৰদেশ বন বিভাগৰ সূত্ৰ অনুসৰি প্ৰথম চাৰিটা পোৱালি স্থানীয় গাঁওবাসীয়ে দেখা পাইছিল। সেই অঞ্চলৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত আছে অৰণ্যখন। ৰাতি বিভিন্ন পথত ঘূৰি ফুৰি বাঘিনীৰ সৈতে পোৱালিবোৰ তালৈ আহিছিল বুলি ভবা হৈছে ৷